বিশ্বনাথ, 30 জুন: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত বিশ্বনাথৰ পৰা গহপুৰলৈ নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ বিভিন্ন দুৰ্ঘটনাপ্ৰৱণ স্থান বৃহস্পতিবাৰে পৰিদৰ্শন কৰে বিশ্বনাথৰ পথ সুৰক্ষা সমিতিয়ে । ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানী আৰু অসম আৰক্ষী সেৱাৰ বিষয়া, বিশ্বনাথৰ আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱাই পথ সুৰক্ষা সমিতিৰ সদস্য সচিব তথা লোকনিৰ্মাণ বিভাগ, বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা শ্যমন্ত শৰ্মা আৰু পথ সুৰক্ষা সমিতিৰ সদস্যৰ সৈতে বিশ্বনাথৰ নিৰ্মীয়মান চাৰি শৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক'লা স্থান আৰু দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে ।
![Road Safety Committee visits National Highway in Biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-06-2023/as-biswanath-801-29-jun-roadsafetycommitteevisitsnationalhighwayinbiswanath-photo-scrpt-as10018_29062023203923_2906f_1688051363_35.jpg)
জানিব পৰা মতে, পৰিদৰ্শনকাৰী দলটোৱে পথ নিৰ্মাণ সংস্থা টি কে ইঞ্জিনিয়াৰিঙৰ অধীনত নিৰ্মীয়মান বিশ্বনাথৰ সাধাৰ এলেকা পৰিদৰ্শন কৰাৰ উপৰিও বিশ্বনাথৰ পৰা গহপুৰলৈ প্ৰায় 60 কিলোমিটাৰ চাৰি শৰণীয়া পথ নিৰ্মাণৰ দায়িত্বত থকা হাৰিয়ানাৰ ধতৰৱাল কনষ্ট্ৰাকছনৰ অধীনস্থ নিৰ্মীয়মান পথৰ ৰতোৱা, বৰগাং আৰু বেদেতীৰ একাধিক এলেকা পৰিদৰ্শন কৰে । উল্লেখ্য যে, পথ সুৰক্ষা সমিতিৰ অন্যতম সদস্য তথা বিশ্বনাথৰ জিলা পৰিবহন বিষয়া কৃষ্ণকান্ত চেতিয়া, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কনচালটেন্ট অশোক সাহা, লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দ্ৰ শৰ্মা আৰু অন্যান্য বিষয়াসকলৰ সৈতে ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক'লা স্থান আৰু দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰে ৷ পথ সুৰক্ষা সমিতিৰ সদস্যসকলে এনে সকলো স্থানৰ বিষয়ে বিশ্লেষণ আৰু আলোচনা কৰাৰ লগতে সুৰক্ষামূলক পথ সুৰক্ষা ব্যৱস্থা যেনে ছাইনেজ, ৰাম্বল ষ্ট্ৰিপ, ডিলাইনেটৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক নিৰ্দেশনা প্ৰদানৰ পোষকতা কৰে ।
![Road Safety Committee visits National Highway in Biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-06-2023/as-biswanath-801-29-jun-roadsafetycommitteevisitsnationalhighwayinbiswanath-photo-scrpt-as10018_29062023203923_2906f_1688051363_677.jpg)
লগতে যাত্ৰাৰ সময়ত ভুল দিশৰ পৰা গাড়ী চলোৱা সকলো বাহনৰ বিৰুদ্ধে প্ৰয়োজনীয় কাৰ্যব্যৱস্থাও গ্ৰহণ কৰে । ইয়াৰোপৰি, সম্প্ৰতি চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বন্ধ কৰি ৰখা বেদেতীৰ ৰে'ল ষ্টেচনলৈ নতুন সংযোগ পথ নিৰ্মাণৰ বাবেও ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । উল্লেখ্য যে, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বেলিকা বিভিন্ন ঠাইৰ বিভিন্ন অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পথ সুৰক্ষা সমিতিৰ অধ্যক্ষৰ দায়িত্বত থকা বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি জয় শিবানীৰ বিশেষ তৎপৰতাত পথ সুৰক্ষা সমিতিৰ পথ পৰিদৰ্শনে বিশেষ গুৰুত্ব বহন কৰিছে ।
![Road Safety Committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-06-2023/as-biswanath-801-29-jun-roadsafetycommitteevisitsnationalhighwayinbiswanath-photo-scrpt-as10018_29062023203923_2906f_1688051363_26.jpg)
ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন পথ দুৰ্ঘটনাৰ ক'লা স্থান আৰু দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ পৰিদৰ্শন কৰি এই স্থানসমূহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক মহকুমাধিপতিগৰাকীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিছে ।
লগতে পঢ়ক : Devkumar Bora Memorial Media Fellowship : দেৱকুমাৰ বৰা সোঁৱৰণী মিডিয়া ফেল'শ্বিপ সাংবাদিক গীতালি শইকীয়ালৈ