ETV Bharat / state

ৰাঙলিয়ালত সেনাৰ বাহনে মহতিয়ালে বাইক আৰোহীক

author img

By

Published : Mar 25, 2021, 3:46 PM IST

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালিজান কটকী চুকত বৃহস্পতিবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন আহত হয় ।

ৰাঙলিয়ালত সেনা বাহিনীৰ বাহনে মহতিয়ালে বাইক আৰোহীক

বিশ্বনাথ,২৫ মাৰ্চ: গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালিজান কটকী চুকত সংঘটিত হয় এক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক আহত হয় । প্ৰত্যক্ষদৰ্শীৰ মতে, AS-32-5684 নম্বৰৰ বাইকখলত তিনিজন আৰোহী ঘাঁহিগাঁৱৰ পৰা গহপুৰ অভিমুখে গৈ থকা সময়ত বালিজান কটকী চুকত বিপৰীত দিশৰ পৰা অহা এখন সেনাৰ বাহনে প্ৰচণ্ড জোৰে বাইকখনত খুন্দিয়ায় ৷ যাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

দুৰ্ঘটনাটোত থিতাতে নিহত যুৱকজন পাপু দাস বুলি চিনাক্ত কৰা হৈছে । ইফালে দুৰ্ঘটনাত পতিত হোৱা তিনিওজন লোক একেটা পৰিয়ালৰে ৷ আহত দুুগৰাকীৰ এগৰাকী কিশোৰী ৷ সম্প্ৰতি দুয়োকে গহপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক: বঙাইগাঁৱত ভুৱা সেনাসহ জব্দ বিদেশী সুৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.