বিশ্বনাথ, ২৫ জুন: বিশ্বনাথ জিলাৰ ছোৱাগুৰীত সংঘটিত হৈছে এক জঘন্য কাণ্ড (Rape in Biswanath)। ৫০ বছৰীয়া লোক এজনৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী । ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় চাৰি মাহ পূৰ্বে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ পিছত শুকুৰবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনাটো । শুকুৰবাৰে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে বিশ্বনাথ সদৰ থানাত দাখিল কৰে এখন এজাহাৰ (Vishwanath Sadar Police Station)।
উক্ত এজাহাৰৰ ভিত্তিত অভিযুক্ত খুৰছিদ আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ ৪ নং পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰি বিশ্বনাথ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে (Accused arrested in Biswanath)।
জানিব পৰা মতে, বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পলায়ন কৰিব বিচৰা অভিযুক্ত খুৰছিদক খেদি খেদি মৰাপাট খেতিৰ মাজৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।