বিশ্বনাথ,26 জুন: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত অপৰিৱৰ্তিত হৈ আছে বানৰ তাণ্ডৱ ৷ মহকুমাটোত চত্ৰং নদীৰ বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি চিগাৰ ফলত ক্ষতিৰ সন্মুখীন হৈছে অঞ্চলবাসী ৷ নৈ খনৰ বাঢ়নী পানীয়ে গোপালবস্তিৰ মাজেৰে যোৱা গড়কাপ্তানি পথটোৰ এছোৱা খহাই পেলোৱাত এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে যাতায়াত ৷ আনহাতে এই পৰ্যন্ত জন প্ৰতিনিধিয়ে কোনো খবৰ নোলোৱাত যথেষ্ঠ ক্ষোভ উজাৰিছে বানাক্ৰান্তই ৷
লগতে চাওকঃ আমিনগাঁৱৰ জয়গুৰু বৌদ্ধ মন্দিৰৰ সমীপত ভয়ংকৰ ভূমিস্খলন