ETV Bharat / state

Flood at Gohpur: এজাক বৰষুণতে বানত বুৰিল গহপুৰ - Not built broken embankment in Gohpur

এজাক বৰষুণত বুৰিল গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । মথাউৰিৰ ওপৰৰে বাগৰি অহা চত্ৰঙৰ বাঢ়নি পানীয়ে বুৰালে গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । চৌদিশে সৃষ্টি হৈছে এক হাহাকাৰময় পৰিস্থিতিৰ ।

Public affected by floods at Gahpur
এজাক বৰষুণতে বানত বুৰিল গহপুৰ
author img

By

Published : Jun 11, 2023, 10:07 PM IST

এজাক বৰষুণতে বানত বুৰিল গহপুৰ

বিশ্বনাথ, ১১ জুন: বাৰিষা বুলি ক’লেই মনলৈ আহে বানপানী । কাৰণ প্ৰতি বছৰে বাৰিষাৰ বানত ক্ষতিগ্ৰস্ত হয় ৰাজ্যৰ হাজাৰ হাজাৰ লোক । ৰাজ্য বিভিন্ন প্ৰান্ত লগতে শোণিতপুৰ জিলাটো বহু পৰিমাণে ক্ষতিগ্ৰস্ত হয় কৃষক । ইয়াৰ মাজতে দেওবাৰে অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত হঠাৎ বানত বুৰিল শোণিতপুৰ জিলাৰ গহপুৰ নগৰৰ বিস্তীৰ্ণ অঞ্চল । এই বানৰ ফলত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় সমগ্ৰ অঞ্চলটোতে ।

বছৰটোৰ প্ৰথমটো বানত বুৰ গ'ল গহপুৰ নগৰ । বানত বুৰ গ'ল নগৰখনৰ অধিকাংশ অঞ্চল । নগৰখনৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা চত্ৰং নদীয়ে দীৰ্ঘদিনধৰি নগৰখনৰ ৫ নং ৱাৰ্ড ৪ নং ৱাৰ্ডৰ লগতে ৬ নং ৱাৰ্ড আৰু ধেনুধৰা, মধ্যচত্ৰং, ডেল হাউচি আদি গাঁৱৰ ৰাইজক জলা-কলা খুৱাই অহাৰ লগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথলৈও ভাবুকি কঢ়িয়াই আনিছে ।

ইফালে চত্ৰং নদীৰ বান্ধৰ নামত জলসম্পদ বিভাগে ১৫ কোটি টকাৰ এক আচঁনি গ্ৰহণ কৰিছে যদিও বৰ্তমান সময়লৈকে এই আচঁনি জৰিয়তে বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই যাৰ ফলত এতিয়া এজাক সাধাৰণ বৰষুণ দিলেই গহপুৰ নগৰত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ ।

বিশেষকৈ এই বানৰ ফলত নগৰখনৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হোৱা লগতে গহপুৰ নগৰৰ পথ, চিকিৎসালয়লৈ যোৱা পথো জলমগ্ন হৈ পৰে । আনহাতে দেওবাৰে দিনৰ ভাগত গহপুৰ বিভিন্ন দল সংগঠন গৰজি উঠে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থা DCC (Dhatarwal Construction Company Pvt.ltd) বিৰুদ্ধে ।

ৰাইজ তথা দল সংগঠনৰ অভিযোগ DCC নামৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণত কিছু বিসংগতি কৰা ফলত পূৰ্বৰ তুলনাত ভয়ংকৰ ৰূপত গহপুৰ নগৰত বানৰ সৃষ্টি হোৱা লগতে ভৱিষ্যতে গহপুৰ নগৰত আৰু ভয়ানক ৰূপ ধাৰণ কৰিব বুলি শংকা প্ৰকাশ কৰে দল-সংগঠনে । আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধে বিভিন্ন সময়ত গহপুৰ দল সংগঠনে প্ৰশাসনক অভিযোগ দি আহিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ।

যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিনৰ ভিতৰত মহানগৰীৰ গাঁত পুতি মহানগৰবাসীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে সেইসময়ত গহপুৰৰ সাধাৰণ জনতাৰ জীৱনলৈ নামি অহা এই বিভীষিকাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Junmoni Rabha Death Update: চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যাব DGP জি পি সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.