ETV Bharat / state

শক্তি বিভাগৰ তোঘলকী কাণ্ড : ক্ষুব্ধ বিশ্বনাথৰ ৰাইজ - শক্তি বিভাগৰ তোঘলকী কাণ্ড

বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৰগাং চেৰেলীয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পছা ভঙা কাঠৰ বাটামৰ খুঁটাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ ৷ কাণসাৰ নাই শক্তি বিভাগৰ ৷

pubic become angry with electricity board workers at biswanath

author img

By

Published : Oct 10, 2020, 9:22 PM IST

বিশ্বনাথ, ১০ অক্টোবৰ : যি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ২৪ ঘন্টাই অসমৰ ৰাইজক বিজুলী যোগান ধৰা প্ৰতিশ্ৰুতি দিছিল সেইখন চৰকাৰৰ দিনত এতিয়া শক্তি বিভাগটোৰ একাংশ কৰ্মচাৰী কৰ্ম কাণ্ডই অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ জনতাক । বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত বৰগাং চেৰেলীয় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা তিনি মাহ অধিক কাল এটা পছা ভঙা কাঠৰ বাটামৰ খুঁটাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখিছে বিভাগটোৱে ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিকোনো সময়ত অঘটন সংঘটিত হ'ব পাৰে এই অঞ্চলত ৷ কিন্তু সেই বিষয়ে বিভাগৰ বিষয়া কৰ্মচাৰী কোনো কাণসাৰ নাই ।

pubic become angry with electricity board workers at biswanath
ভগা খুঁটাত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ
অতি ব্যস্ততাপূৰ্ণ পথটোত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ এই দৰে সংযোগ হৈ থকাত এতিয়া শংকিত হৈ পৰিছে পথচাৰী তথা স্থানীয় ৰাইজ । স্থানীয় ৰাইজে বহুবাৰ বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ অভিযন্তা গৰাকীক এই বিষয় অৱগত কৰিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : কৃষক বিৰোধী আইন বাতিলৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.