বিশ্বনাথ ২৬ মাৰ্চ : প্ৰথম পৰ্যায় নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাই প্ৰিজাইডিং, পুলিং বিষয়া, নিৰাপত্তাৰক্ষীয়ে ভোট কেন্দ্ৰৰ ইভিএমৰ লগতে যাৱতীয় সামগ্ৰী নিবলৈ গহপুৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ভিৰ কৰা দেখা যায় । সামগ্ৰী সমূহ লৈয়ে সকলো ৰাওনা হয় ভোট গ্ৰহণ কেন্দ্ৰ সমূহলৈ ৷
উল্লেখ্য যে অহা কালৈ 12 জিলাৰ 47 টা সমষ্টি অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায় ভোটগ্ৰহণ ৷ এই লৈয়ে সকলো কঠোৰ নিৰাপত্তা বেষ্টনি গঢ়ি তোলা দেখা গৈছে ৷
লগতে পঢ়ক : নিৰ্বাচনী সভা হ'ব পাৰিলে বিহু কিয় হ'ব নোৱাৰিবঃ হিমন্ত বিশ্ব শৰ্মা