ETV Bharat / state

বিশ্বনাথত লেডী ডনৰ আক্ৰমণত আহত সাংবাদিক - বিশ্বনাথত লেডী ডনৰ সন্ত্ৰাস news

নিজকে সমাজকৰ্মী বুলি পৰিচয় দিয়া বিশ্বনাথ চাৰিআলিৰ "ফুডহাব" ৰেষ্টুৰেণ্টৰ স্বতাধিকাৰী দুৰ্গা দেৱীয়ে আক্ৰমণ কৰিলে সংবাদকৰ্মীক ৷ শিশু শ্ৰমিকক অত্যাচাৰ চলোৱা বাতৰি সংগ্ৰহ কৰিবলৈ যাঁওতেই সাংবাদিকক আক্ৰমণ কৰিলে দুৰ্গা দেৱীয়ে ৷

বিশ্বনাথত লেডী ডনৰ আক্ৰমণত আহত সাংবাদিক
author img

By

Published : Aug 18, 2019, 11:00 PM IST

Updated : Aug 18, 2019, 11:25 PM IST

বিশ্বনাথ, 18 আগষ্ট : বিশ্বনাথ চাৰিআলিৰ "ফুডহাব" নামৰ ৰেষ্টুৰেণ্ট খনৰ স্বতাধিকাৰী দুৰ্গা দেৱীয়ে সংবাদকৰ্মীক আক্ৰমণ কৰা ঘটনাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ঘটনা অনুসৰি বিশ্বনাথ চাৰিআলিৰ "ফুড হাব" নামৰ ৰেষ্টুৰেন্টখনৰ স্বত্বাধিকাৰী দূৰ্গা দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰুৱা কাম কৰা এজনী কণমানি শিশু শ্ৰমিকৰ ওপৰত শাৰিৰিক মানসিক অত্যাচাৰ চলাই আহিছিল ৷ ঘটনা সন্দৰ্ভত কনমানিজনীৰ পিতৃয়ে নিৰ্যাতন চলোৱা দূৰ্গা দেৱী উপাধ্যায়ৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ ।

এই ঘটনা সন্দৰ্ভত বিশ্বনাথৰ স্থানীয় সংবাদকৰ্মী গোপাল খন্দালে ফেচবুকত এটা প'ষ্ট দিয়াত সংবাদকৰ্মীজনক আক্ৰমণ কৰে দুৰ্গা দেৱীয়ে ৷ গোপাল খন্দাল সম্প্ৰতি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে দুৰ্গাদেৱীক ৷ বৰ্তমান লেডী ড'ন হিচাপে খ্যাতি পোৱা দুৰ্গা দেৱীৰ এই কাৰ্যই বিশ্বনাথ চাৰিআলিত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

বিশ্বনাথত লেডী ডনৰ সন্ত্ৰাস

ইফালে ঘটনা সন্দৰ্ভত বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা সভাপতি দিলিপ গজুৰেলে তেঁওৰ ওপৰত থকা গোচৰটো মিলামিছা কৰি দিয়াৰ নামত ১লাখ 60 হাজাৰ টকা বিচৰা বুলি অভিযোগ উত্থাপণ কৰে দুৰ্গাদেৱীয়ে । কিন্তু এই কথা অস্বীকাৰ কৰি সভাপতিগৰাকীয়ে কয় যে, মহিলা গৰাকীয়ে দিয়া অভিযোগ সম্পূৰ্ণ মিছা ৷

Intro:As_BISWANATH_CHILD LABOUR _803_vis_dl_byte_photo_scrpt_as10018
Body:As_BISWANATH_CHILD LABOUR _803_vis_dl_byte_photo_scrpt_as10018
Conclusion:As_BISWANATH_CHILD LABOUR _803_vis_dl_byte_photo_scrpt_as10018

বিশ্বনাথত লেডী ড'নৰ সন্ত্ৰাস
#শিশু শ্ৰমিকক অত্যাচাৰ চলোৱা বিশ্বনাথ চাৰিআলিৰ "ফুডহাব" নামৰ ৰেষ্টুৰেণ্টত খনৰ স্বতাধিকাৰী দুৰ্গা দেৱীয়ে আক্ৰমণ কৰিলে সংবাদকৰ্মীক
# আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিলে দুৰ্গা দেৱীক

বহু আভিজাত্য লোকে নিসহায় পৰিয়ালৰ শিশুক ডাঙৰ মানুহ কৰাৰ সপোন দেখুৱাই নিজৰ ঘৰৰ বনকৰা হিচাপে ৰখাই নহয় চলাই আহিছে অমানবীয় নিৰ্যাতন। নিজকে সমাজ সেৱীকা হিচাবে পৰিচয় দিয়া বিশ্বনাথ চাৰিআলিৰ তেনে এগৰাকী মহিলাৰ মুখা খুলিছিলো আমি ৷ বিশ্বনাথ চাৰিআলিৰ "ফুড হাব" নামৰ ৰেস্তুৰেন্টখনৰ স্বত্বাধিকাৰী দূৰ্গা দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীয়ে নিজৰ ঘৰত শিশু শ্ৰমিকৰ ওপৰত শাৰিৰিক মানসিক
৷ এজনী মৰম লগা কনমানিক চকু, মুখমণ্ডল আৰু পিঠিত আঘাত কৰি ঘুনীয়া কৰিছিল দুৰ্গা দেৱীয়ে। চতিয়াৰ বোকাবিলৰ এটা দৰিদ্ৰ পৰিয়ালৰ কণমাণি ছোৱালী জনীক পঢ়া শুনা কৰোৱাৰ দায়িত্ব গ্ৰহন কৰি বিশ্বনাথ চাৰিআলিৰ "ফুড হাব" নামৰ ৰেস্তুৰেন্টখনৰ স্বত্বাধিকাৰী দূৰ্গা দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীয়ে আনিছিল নিজ ঘৰলৈ ৷ পিছে পঢ়া শুনা দূৰৈৰ কথা ঘৰত বন কৰা হিচাপে ৰাখি সামান্য কথাতে কনমানীজনীৰ ওপৰত দূৰ্গা দেৱী উপাধ্যায় নামৰ মহিলা গৰাকীয়ে অমানবীয় ভাবে চলাই আহিছিল শাৰীৰিক আক্ৰমণ। অপৰাধ মাথো এটাই ভাত ৰান্ধিবলৈ দিওঁতে চাউল বেচিকৈ ললৈছিল ।

কুকাৰৰ বেছি হোৱা ভাতখিনি তাইক জোৰকৈ খাবলৈ বাধ্য কৰোৱা হৈছিল । তাই খাব নোৱাৰাত চলিল বৰ্বৰ আক্ৰমন। আনহাতে কনমানীজনীক নিৰ্যাতন চলোৱা মহিলা গৰাকীৰ ওপৰত দূৰ্ভগীয়া শিশুটিৰ পিতৃয়ে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। নিজকে সমাজ সেৱীকা বুলি পৰিচয় দিয়া দুৰ্গা দেৱী উপাধ্যায়ে শনিবাৰে নিশা সংঘটিত কৰা আন এক দুকাৰ্যই এতিয়া সকলোৰে চকুু তুলিছে কপালত ৷ নিশা এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ বিশ্বনাথ চাৰিআলিৰ সংবাদদাতা গোপাল খন্দালক আক্ৰমন কৰিলে দুৰ্গা দেৱীয়ে ৷ ফুডহাব ৰ কাষতে থকা গোপালৰ পত্নীৰ মালিকানাধীন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ যাওতে আক্ৰমন কৰে গোপালক ৷ দুৰ্গা দেৱীয়ে নিজৰ ঘৰত শিশু শ্ৰমিক ৰাখি শাৰিৰিক মানসিক অত্যাচাৰ চলোৱাৰ বাতৰি কৰাৰ অভিযোগ তুলি আক্ৰমন কৰে গোপালক ৷ নিশাই চিকিৎসালয়ত ভৰ্তি কৰা গোপাল খন্দাল সম্প্ৰতি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন ৷ইতিমধ্যে ৰেষ্টুৰেণ্ট খনৰ স্বতাধিকাৰী দুৰ্গা দেৱী উপাধ্যায়ক বিশ্বনাথ আৰক্ষীয়ে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰন কৰিছে ৷ লেডী ড'ন দুৰ্গা দেৱীৰ এই কাৰ্যই বিশ্বনাথ চাৰিআলিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ইফালে মহিলা গৰাকী পৰা বিশ্বনাথ জিলা গোৰ্খা ছাত্র সন্থা সভাপতিয়ে গোচৰ টি মিলাই দিয়া নামত
নামত ১৬০ হাজাৰ টকা বিচৰা বুলি দাবী কৰে মহিলা গৰাকীয়ে ।
আনহাতে এই কথা অস্বীকাৰ কৰি কয়
বোকাত মিছা কথা কৈছে মহিলা গৰাকীয়ে ।
এই কথা স্পষ্ট কৰি দিয়ে গোৰ্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতি সভাপতি দিলিপ গজুৰেলয়ে ।

বাইট- দিলিপ গজুৰেল
বাইট- মহিলা গৰাকী
বাইট- সাংবাদিক

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
Last Updated : Aug 18, 2019, 11:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.