বিশ্বনাথ, 13 এপ্ৰিল: নগাঁৱত আৰক্ষীয়ে নকল সোণৰ নাও সহ চাৰি ব্যৱসায়ীক আটক কৰাৰ পিছতে এইবাৰ বিহালীত নকল সোণ সহ আটক হৈছে এজন লোক(One arrested with fake gold in Bihali) ৷ মুঠতে অপৰাধীৰ যেন ৰম্যভূমিলৈহে পৰ্যবসিত হৈছে সোণৰ অসম ৷ বিহালীৰ বৰগাঙৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিয়মীয়া তালাচী চলাইছিল বিহালী আৰক্ষীয়ে ৷ আৰক্ষীৰ এই অভিযানৰ সময়তে জব্দ হয় বৃহৎ পৰিমাণৰ নকল সোণ ৷
জানিব পৰা মতে, লখিমপুৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন এল্ট’ বাহন (AS ০৭ T ১৫৪৫) ত প্ৰায় ৫০ কেজি সন্দেহযুক্ত নকল সোণ কঢ়িয়াই আনি থকা তথ্য লাভ কৰিছিল বিহালী আৰক্ষীয়ে ৷ যাৰ বাবে বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ জ্যোতি নমঃশূদ্ৰ আৰু আৰু বৰগাং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুজিং বে’ৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলায় ৷
অভিযানকাৰী দলটোৱে হাছিনুৰ ৰহমান নামৰ লোকজনে বাহনখনত নকল সোণখিনি আনি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় ৷ আটকাধীন লোকজনৰ ঘৰ বিহপুৰীয়াৰ দৌলতপুৰ গাঁৱত বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷
ঘটনা সন্দৰ্ভত বিশ্বনাথৰ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে মঙলবাৰে সন্ধিয়াৰ ভাগত এখন সংবাদমেল সম্বোধন(Press meet of SP Biswanath) কৰে ৷ ইতিমধ্যে হাছিনুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিহালী থানাত 24/022/420 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ৷