বিহালী, 5 মে’ : বিহালীৰ বৰগাঙত বৃহস্পতিবাৰে সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ ৷ এগৰাকী কিশোৰীৰ ধৰ্ষণকাণ্ড পোহৰলৈ অহাৰ পাচতে সৃষ্টি হয় এই উত্তেজনা(Minor girl rape in Biswanath) ৷ এগৰাকী ১৫ বছৰীয়া ঘাটমাউৰা কিশোৰীৰ সৈতে অসৎ কাৰ্য চৰিতাৰ্থ কৰাৰ অভিযোগ উঠিছে কৰণ তামাং নামৰ এজন লোকৰ বিৰুদ্ধে ৷ অভিযুক্ত কৰণ দুটাকৈ সন্তানৰ পিতৃ ৷
জানিব পৰা মতে, বিহালীৰ বৰগাং থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এই জঘন্য কাণ্ড ৷ ঘাটমাউৰা কিশোৰীগৰাকীয়ে অকলে শুই থকা অৱস্থাত কোঠাৰ খিৰিকী ভাঙি একেগাঁৱৰে কৰণ তামাঙে সংঘটিত কৰে এই কু-কাণ্ড ৷
পিতৃ-মাতৃহীন কিশোৰীগৰাকী নিজৰ খুৰাক-খুৰীয়েকৰ ঘৰতে আছিল । ইয়াৰ সুযোগ লৈয়ে কিশোৰীগৰাকী সুকীয়াকৈ থকা কোঠাটোত প্ৰৱেশ কৰি কৰণ তামাঙে এই জঘন্য কাণ্ড সংঘটিত কৰে । এই ঘটনা পোহৰলৈ অহা পাছতেই বৰগাং আৰক্ষীয়ে আটক কৰে অভিযুক্ত কৰণ তামাঙক(One Arrested in Minor girl Rape case) ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিহালী থানাত 34/2022 নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 457/376 ধাৰাত POCSO আইনৰ অধীনত কৰণ তামাঙক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ ইফালে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কৰণ তামাঙক কঠোৰতম শাস্তি বিহাৰ দাবী জনায় ৷
লগতে পঢ়ক : Rape case in Majuli: মাজুলীত যুৱকৰ কামনাৰ বলি এগৰাকী কিশোৰী