বিশ্বনাথ, 25 জানুৱাৰী : দেওবাৰে গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰাই গহপুৰৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সদস্য সকলৰ সুবিধাৰ বাবে এটা কাৰ্যালয় মুকলি কৰে । সমষ্টিটোৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত পশ্চিম কলাবাৰী গাঁও পঞ্চায়তৰ কাৰ্যলয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি বিধায়ক বৰাই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৰ্মী সকলৰ বাবে পঞ্চায়ত গৃহতে নিৰ্মাণ কৰা এটি কোঠাৰ শুভ উদ্বোধনী কৰে ।
![Office Open In Gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-25-j-gohpur-photo-scrpt-as10018_25012021192750_2501f_1611583070_753.jpg)
![Office Open In Gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-25-j-gohpur-photo-scrpt-as10018_25012021192750_2501f_1611583070_235.jpg)
![Office Open In Gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-25-j-gohpur-photo-scrpt-as10018_25012021192750_2501f_1611583070_213.jpg)
ইফালে, বিধায়ক গৰাকীয়ে সমষ্টিৰ গোপালপুৰৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত উপস্থিত হৈ ৰাইজৰ সৈতে এক মত-বিনিময় কৰি ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱা লগতে অভাৱ সমূহ পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।
![Office Open In Gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-25-j-gohpur-photo-scrpt-as10018_25012021192750_2501f_1611583070_864.jpg)
![Office Open In Gohpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-804-25-j-gohpur-photo-scrpt-as10018_25012021192750_2501f_1611583070_311.jpg)
লগতে পঢ়ক : উগ্ৰপন্থী সংগঠন ডিএনএলএৰ ডিমা হাছাওত 36 ঘন্টীয়া বন্ধৰ আহ্বান