ETV Bharat / state

ঘটনাৰ এদিন পিচটো সন্ধান নাই চতিয়াৰ নিৰুদ্দিষ্ট কিশোৰৰ - NDRF

ৰবিবাৰে চতিয়াৰ দিকৰাই নৈত উটি গৈছিল এজন কিশোৰ ৷ ঘটনাৰ এদিন উৱলি যোৱাৰ পিচটো কিশোৰজনক উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে ৷

ঘটনাৰ এদিন পিচটো সন্ধান নাই চতিয়াৰ নিৰুদ্দিষ্ট কিশোৰৰ
author img

By

Published : Jun 18, 2019, 12:06 AM IST

চতিয়া, 17 জুনঃ দুদিনৰ পিচতো উদ্ধাৰকাৰী বাহিনীয়ে সন্ধান উলিয়াব পৰা নাই দিকৰাই নৈত উটি যোৱা কিশোৰৰ ৷ চাইকেল সহিতে পথ পাৰ হ'ব লঁওতেই দিকৰাই নৈৰ পানীয়ে উটুৱাই নিছিল নাগশংকৰৰ নাঁওতেলীয়া গাঁৱৰ নিতুল ওৰাং নামৰ কিশোৰজনক ৷

ঘটনাৰ এদিন পিচটো সন্ধান নাই চতিয়াৰ নিৰুদ্দিষ্ট কিশোৰৰ

সোমবাৰে পুৱাৰ পৰাই চলোৱা উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে কিশোৰটিৰ লগত নিয়া চাইকেল মোনাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু সন্ধানহীন কিশোৰটিক উদ্ধাৰ কৰিবলৈ ব্যৰ্থ হয় উদ্ধাৰকাৰী বাহিনী ৷ উদ্ধাৰ অভিযানত অংশ লৈছে এছ ডি আৰ এফৰ লগতে এন ডি আৰ এফৰ অভিজ্ঞ দল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, সেই স্থানত এখন দলং নথকাৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হ'বলৈ পায় ৷

Intro:শোণিতপুৰ জিলাৰ চতিয়াত ৰবিবাৰে দিকৰাই নদীৰ বাঢ়নি পানীৰে পথ পাৰ হৈ আহোতেই উটুৱাই নিয়া সন্ধানহীন কিশোৰজনক এইমুহুৰ্তলৈকে উদ্ধাৰ কৰিব পৰা নাই ৷Body:ৰবিবাৰে বিয়লি নৈখনৰ পানী বাগৰি থকা এই পথটি অতিক্ৰম কৰোতেই পানীৰ প্ৰৱল সোতে উটুৱাই নিয়ে কিশোৰ জনক৷চাইকেল সহিতে পথ পাৰ হ’বলৈ চেষ্টা কৰা কিশোৰজনৰ চাইকেলখন প্ৰথমাৱস্থাত পানীয়ে উটুৱাই নিয়াত চাইকেলখন উদ্ধাৰ কৰিব চেষ্টা কৰাত কিশোৰটিও প্ৰৱল সোঁতৰ বাঢ়নি পানীত উটি যায়৷কালিয়েই এচ.ডি.আৰ.এফ. আৰু এনডিআৰএফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছিল যদিও আন্ধাৰ হোৱাৰ বাবে উদ্ধাৰ অভিযান স্থগিত ৰাখিব লগীয়া হৈছিল৷সোমবাৰে পুৱাৰপৰাই চলোৱা প্ৰায় ৫ ঘন্টাজোৰা উদ্ধাৰ অভিযানৰ অন্তত উদ্ধাৰকাৰী দলে কিশাৰোটিৰ লগত নিয়া চাইকেলখন আৰু মোনা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও এইমুহুৰ্তলৈকে সন্ধানহীন কিশোৰটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷Conclusion: কিশোৰটি নাগশংকৰৰ নাঁওতেলীয়া গাঁৱৰ নিতুল ওৰাং বুলি জানিব পৰা গৈছে৷ দলংখন নিৰ্মাণ কৰি দিবৰ বাবে দল সংগঠণে বহুবাৰ আন্দোলনৰ কাৰ্য্যসুচী হাতত লৈছে কোনো সুফল লাভ নকৰিলে৷যাৰ পৰিণতিত বিগত বৰ্ষত এজন লোক আৰু ৰবিবাৰে এগৰাকী কিশোৰে এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল বুলিও ৰাইজে মন্তব্য কৰিছে৷

Byte- আটছা নেতা৷

Pransankar bhuyan
Etv bharat(Assam)
17.06.2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.