ETV Bharat / state

বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ Business Economics

বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ প্ৰকাশ কৰা হৈছে 'Business Economics' নামৰ এখনি উন্নত মানৰ গ্ৰন্থ । অধ্যাপক ড° কিশোৰ সিং ৰাজপুত, অধ্যাপক ড° সম্পত মুখাৰ্জী আৰু অধ্যাপক ডি.কে. সাহাৰ তত্বৱধানত প্ৰকাশ কৰা হৈছে গ্ৰন্থখন ।

Business Economics
বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ Business Economics
author img

By

Published : Jun 25, 2021, 4:49 PM IST

বিশ্বনাথ, ২৫ জুন : দেশত অব্যাহত আছে কৰ'ণা(Corona) মহামাৰীৰ সংক্ৰমণ । বিগত বছৰৰ পৰাই একপ্ৰকাৰ বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহ । বিশ্ববিদ্যালয় পৰ্যায়তো শ্ৰেণীকোঠাৰ পাঠদান সম্পূৰ্ণ বন্ধ হৈ আছে । তেনে সময়তে স্নাতক মহলাৰ বাণিজ্য আৰু প্ৰবন্ধন (Business and Management) বিভাগৰ শিক্ষাৰ্থীসকলৰ বাবে আহিছে এক সুখবৰ ।

ক'ভিড(Covid) মহামাৰীৰ মাজতে দেশ তথা অসমৰ স্নাতক মহলাৰ বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ ছাত্র-ছাত্ৰীৰ বাবে তিনিগৰাকী বিশিষ্ট লেখক অধ্যাপকে আনিছে এই সুখবৰ । ছাত্র-ছাত্রীসকলৰ উপযোগী হোৱাকৈ এখন কিতাপ প্ৰকাশ কৰি উলিওৱা হৈছে । বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ প্ৰকাশ কৰা হৈছে 'Business Economics' নামৰ এখনি উন্নত মানৰ গ্ৰন্থ ।

Business Economics
বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ শিক্ষাৰ্থীৰ বাবে প্ৰকাশ Business Economics

উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান চেইণ্ট এন্থ'ইজ কলেজৰ (St.Anthoys' College) অৰ্থনীতি বিভাগৰ (Economics Department) সহযোগী অধ্যাপক ড৹ কিশোৰ সিং ৰাজপুত । এইগৰাকী অধ্যাপক ড৹ কিশোৰ সিং ৰাজপুতৰ দ্বাৰা প্ৰকাশিত হৈছে স্নাতক মহলাৰ বাণিজ্য আৰু প্ৰবন্ধন বিভাগৰ ছাত্র-ছাত্ৰীৰ উপযোগী হোৱাকৈ এই 'Business Economics' নামৰ গ্ৰন্থখন । গ্ৰন্থখনত তেওঁ জ্যেষ্ঠ সহযোগী লিখক লণ্ডন স্কুল অব ইকনমিক্স এণ্ড পলিটিকেল চায়েঞ্চ (LSE) ৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু কলকাতাৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান চেইণ্ট জোভিয়াৰ্ছ কলেজৰ (St.xaviers College) অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সম্পত মুখাৰ্জী আৰু আনজন হ'ল শ্বিলঙৰ বৰাপানীৰ ইউনিয়ন খ্ৰীষ্টিয়ান কলেজৰ (Union Christian College) সহযোগী অধ্যাপক ডি.কে. সাহা ।

ড° ৰাজপুতৰ মতে প্ৰথমটো সংস্কৰণ উত্তৰ পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ লিখা হৈছে যদিও দ্বিতীয় সংস্কৰণৰ পৰা অসম তথা ভাৰতবৰ্ষৰ আন আন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীকৈ প্ৰকাশ কৰা হ'ব । অসম সন্তান ড° কিশোৰ সিং ৰাজপুত বিশ্বনাথৰ স্থায়ী বাসিন্দা আৰু অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজৰ (Orient Flower Junior College) মুখ্য শৈক্ষিক পৰামৰ্শদাতা । বিশ্বনাথৰ বাসিন্দা এইগৰাকী অধ্যাপক তথা শিক্ষাবিদকলৈ এতিয়া আনন্দিত জিলাখনৰ বৌদ্ধিক মহল ।

লগতে পঢ়ক:গহপুৰত অত্যাধুনিক নৌকা চিকিৎসালয় আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.