বিশ্বনাথ, ১০ নৱেম্বৰ : মঙলবাৰে বিশ্বনাথ জিলা পৰিষদৰ নতুন কাৰ্য্যালয় ভৱনটোৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে ।
![naba-doley-visited-biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswaanth-802-10-nov-monti-nobo-dole-photo-vis-byte-scrpt-as10018_10112020201610_1011f_1605019570_661.jpg)
প্ৰায় 4 কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া কাৰ্যালয়টোৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই । লগতে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ চতিয়া বিধায়ক পদ্ম হাজৰিকা, জিলা পৰিষদৰ সভানেত্ৰী লাৱণ্য চাৰিঙ্গীয়া, উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, মূখ্য কাৰ্য্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, অসম পণ্যগাৰ নিগমৰ অধ্যক্ষ তথা বিজেপি বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰ আৰু জিলাখনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷ এইসকলৰ উপৰিও জিলাখনৰ অন্তৰ্গত জিলা পৰিষদৰ সদস্য/সদস্যাসকলো উপস্থিতিত থাকে এই আধাৰশিলা অনুষ্ঠানত ।
![naba-doley-visited-biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswaanth-802-10-nov-monti-nobo-dole-photo-vis-byte-scrpt-as10018_10112020201610_1011f_1605019570_742.jpg)
অনুস্থানটোত ভাগ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেয়ে উল্লেখ কৰিলে, বৰ্তমান যি সকলে ঠিকা ভিত্তিত বিভাগটোত চাকৰি কৰি আছে সেইসকলৰ শীঘ্ৰে যোগ্যতাৰ ভিত্তিত নিয়মীয়াকৰণ কৰা হ'ব ৷
![naba-doley-visited-biswanath](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswaanth-802-10-nov-monti-nobo-dole-photo-vis-byte-scrpt-as10018_10112020201610_1011f_1605019570_353.jpg)
তাৰোপৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খালী পদ সমুহ পূৰণৰ বাবে যি পৰীক্ষা অনুষ্ঠিত হ'ব, সেই পৰীক্ষাও সম্পূৰ্ণ নিকা ভাৱে অনুষ্ঠিত কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাতত অৰ্পণ কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি