ETV Bharat / state

বিশ্বনাথত চৰকাৰী কামৰ খতিয়ান ল’লে সাংসদ পল্লৱ লোচন দাসে - তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস

তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় ৷ সাংসদগৰাকীৰ লগতে উপায়ুক্ত ধ্ৰুবজ্যোতি দাস আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিত থাকে এই বৈঠকত ৷

বিশ্বনাথ
কামৰ খতিয়ান সাংসদ পল্লৱ লোচন দাসৰ
author img

By

Published : Jan 22, 2020, 3:46 PM IST

বিশ্বনাথ,22 জানুৱাৰীঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ আলোচনা কৰা হয় ৷ তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত চতুৰ্দশ বিত্ত আয়োগৰ অনুদানেৰে চলি থকা উন্নয়নমূলক কামৰ অগ্ৰগতিৰ বুজ লয় । উপায়ুক্ত ধ্ৰুবজ্যোতি দাস আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিত থাকে এই বৈঠকত ৷

বিশ্বনাথ
কামৰ খতিয়ান সাংসদ পল্লৱ লোচন দাসৰ

সাংসদগৰাকীয়ে স্থৱিৰ হৈ থকা কামৰ ক্ষেত্ৰত বিভাগীয় বিষয়াসকলক জবাবদিহি কৰে ৷ পৰৱৰ্তী সময়ত দিশা সম্পৰ্কীয় বৈঠকৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহিবলৈ সাংসদগৰাকীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, গহপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ, পৌৰপতি ৰুলী শৰ্মা, জিলাখনৰ সহকাৰী আয়ুক্তসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে ।

লগতে চাওকঃখেল' ইণ্ডিয়াৰ বক্সিঙ প্ৰতিযোগিতাত বিতৰ্ক

Intro:as_biswanath_804_21_j_dc_offic_press_list_scrpt_as10018Body:বিশ্বনাথ জিলাত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সাংসদ পল্লৱ লোচন দাসৰ

Conclusion:বিশ্বনাথ জিলাত উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা সাংসদ পল্লৱ লোচন দাসৰ

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত এক বৈঠকত জিলাখনত বিভিন্ন চৰকাৰী বিভাগৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। তেজপুৰ সংসদীয় সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত সাংসদগৰাকীয়ে জিলাখনত চতুৰ্দশ বিত্ত আয়োগৰ অনুদানেৰে হাতত লোৱা আঁচনিসমূহৰ লগতে জিলা পৰিষদ, উন্নয়ন খণ্ডসমূহ, কৃষি, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গড়কাপ্টানী (পথ/গৃহ) আদি প্ৰায়বোৰ প্ৰধান বিভাগৰ বিষয়াসকলৰ পৰা সংশ্লিষ্ট বিভাগসমূহৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত বিভাগসমূহৰ পৰা তেওঁলোকৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন কাম-কাজৰ খতিয়ান বিচৰা হয়। ৰূপায়ণ হ'বলৈ বাকী থকা আৰু কামৰ গতি লেহেমীয়া হোৱা আঁচনি সন্দৰ্ভত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলক জবাবদিহি কৰি সাংসদগৰাকীয়ে এইক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আঁচনিৰ অগ্ৰগতি সম্পৰ্কীয় যাৱতীয় সকলো নথি-পত্ৰৰ সৈতে পৰৱৰ্তী "দিশা" বৈঠকৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আহিবৰ‌ বাবেও তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। চতুৰ্দশ বিত্ত আয়োগৰ লগতে বিধায়কৰ স্থানীয় এলেকা উন্নয়ন পুঁজি, আনটাইড ফাণ্ড আদিৰ বিষয়েও আলোচনা হোৱা এই বৈঠকত বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰ, গহপুৰৰ মহকুমাধিপতি নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি ৰুলি শৰ্মা, জিলাখনৰ সহকাৰী আয়ুক্তসকলৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস ইটিভি ভাৰত অসম

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.