ETV Bharat / state

সন্তান জন্ম দি চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ মাতৃ

গহপুৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা । সন্তান জন্ম দি প্ৰসূতি কক্ষত পেলাই চিকিৎসালয়ৰ নিৰুদ্দেশ হ’ল মাতৃ ৷

সন্তান জন্ম দি চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ মাতৃ
সন্তান জন্ম দি চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ মাতৃ
author img

By

Published : May 18, 2021, 9:22 PM IST

বিশ্বনাথ, 18মে’: ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধ জনিত ঘটনা ৷ তেনে এক ঘটনাই সংঘটিত হৈছে গহপুৰত ৷ এগৰাকী মাতৃয়ে গহপুৰ মহকুমা চিকিৎসালয়ত নিজ সন্তান প্ৰসৱ কৰাৰ পিছতে চিকিৎসালয় খনৰ প্ৰসূতি কক্ষত পেলাই থৈ যায় ৷ সম্প্ৰতি মাতৃ গৰাকীৰ এই হৃদয় হীনা কাৰ্যই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে, চিকিৎসালয়ৰ ৰেজিষ্টাৰত লিপিবদ্ধ কৰা পৰিচয় অনুসৰি অৰুণাচল প্ৰদেশৰ বালিজান হলঙগীৰ এঞ্জেল টুংগী (২২) পিতৃ খিয়াপপে টুংগীৰ সৈতে অহা যুৱতী গৰাকীয়ে এটি পুত্ৰ সন্তান প্ৰসৱ কৰাৰ পিছতে ৰহস্যজনক ভাৱে চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

সন্তান জন্ম দি চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ মাতৃ

ইপিনে চিকিৎসকৰ পৰা সমগ্ৰ ঘটনাৰ বিষয়ে জানিব বিচৰাত চিকিৎসক, নাৰ্চে গা এৰা মন্তব্য প্ৰদান কৰি নৱজাতক শিশুটোক এনজিঅ’ক গতাই দিয়া হ’ব বুলিহে উল্লেখ কৰে ৷

আনহাতে, চিকিৎসালয় খনত এনেদৰে কোনা হৃদয় হীনা মাতৃয়ে নৱজাতকক এৰি থৈ যোৱাৰ খবৰ পাই এহাল দম্পতীয়ে নিবলৈ আহে যদিও অৱশেষত চিকিৎসালয় কৰ্তৃপক্ষই তেজপুৰস্থিত চাইল্ড হেল্প কেয়াৰ চেন্টাৰত চমজাই দিয়ে ৷ ৷

লগতে পঢ়ক: নগাঁৱত যোগদান কৰিয়েই জনসেৱা আৰম্ভ আনন্দ মিশ্রৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.