বিশ্বনাথ, 7 নৱেম্বৰ : বিশ্বনাথৰ বিহালীত শনিবাৰে ভাৰতীয় জনতা পাৰ্টী,মহিলা মৰ্চা বাঘমৰা মণ্ডল সমিতিৰ সভানেত্ৰী বীণা তিমুংপীৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৷
বিহালী ৰতোৱা ৰাজহুৱা ৰংগ মঞ্চত অনুষ্ঠিত হোৱা এই সভাখনত অংশগ্ৰহণ কৰে বিহালী সমষ্টি বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । দত্তই উপস্থিত থাকি 2021 চনৰ নিৰ্বাচনত প্ৰতিজন বিজেপি কৰ্মীক ৰাইজৰ কাষলৈ গৈ বিজেপি দলে কৰা উন্নয়নমূলক কামৰ খতিয়ান দিবলৈ আহ্বান জনায় ৷

লগতে তেওঁ দুৰ্নীতি অনিয়মৰ পৰা দলীয় নেতা-কৰ্মীসকলক বিৰত থাকিবলৈও আহ্বান জনায় ৷ যদি দলত দুৰ্নীতি-অনিয়মৰ তথ্য লাভ কৰে,তেন্তে তৎক্ষণাত দুৰ্নীতিগ্ৰস্ত দলীয় সদস্য়ক জেললৈ প্ৰেৰণ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।
সভাত উপস্থিত থাকে জিলা সমিতিৰ কোষাধ্যক্ষ পংকজ বৰা,জিলাৰ সম্পাদক ৰঘুপতি বসু,জিলাৰ সদস্য সদানন্দ দত্ত,বাঘমৰা মণ্ডল সমিতিৰ সভাপতি দধিৰাম শৰ্মা,ৰাজ্যিক মহিলা মৰ্চাৰ সদস্যা দীপা ছেত্ৰী,ৰাজ্যিক পৰিষদৰ সদস্যা শেৱালি শৰ্মা,জিলা অৰ্থনীতি কোষৰ আহ্বায়ক স্নিগ্ধাজ্যোতি হাজৰিকা,মহিলা মৰ্চাৰ মণ্ডল প্ৰভাৰী গীতা দাস,জিলা মহিলা মৰ্চাৰ সম্পাদিকা সুৰঞ্জনা বৰা,জিলা সমিতিৰ আই টি কোষৰ আহ্বায়ক ভাৰতী ভূঞা,বিহালী মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী দীপিকা ঢাকাল দেৱী প্ৰমুখ্যে দলটোৰ বহু সক্ৰিয় সদস্য-সদস্যা ।
লগতে পঢ়ক : অসাৰ শিশু শ্ৰমিক আইনঃ ইটা ভাটাত নিয়োজিত শিশু