ETV Bharat / state

গাঁওৰক্ষী বাহিনী কমিটিক সাহাৰ্য প্ৰদান চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ - corona warrior

শনিবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই বিহালীত উপস্থিত হৈ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আৰু গাঁও পঞ্চায়তৰ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে । তাৰোপৰি বাঘমৰা উন্নয়ন খণ্ড অধীনৰ ৪৭খন গাঁওৰক্ষী বাহিনী কমিটিক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ ২ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৰঞ্জিত দত্তই ।

গাঁওৰক্ষী বাহিনী কমিটিক সাহাৰ্য প্ৰদান চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ
author img

By

Published : May 23, 2020, 9:20 PM IST

বিশ্বনাথ, ২৩ মে :শনিবাৰে বিয়লি অসম চৰকাৰৰ ৰেচম হস্ততাঁত বস্ত্ৰ শিল্প মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত হয় বিহালী বাঘমৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ।উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে বাঘমৰা খণ্ড উন্নয়ন অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া আৰু গাঁও পঞ্চায়ত সদস্য সকলক সাক্ষাৎ কৰি বৰ্তমান বিহালী সমষ্টিত জনসাধাৰণক কি দৰে সহায় সহযোগিতা কৰি আহিছে তাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ।

বিশ্বনাথ
গাঁওৰক্ষী বাহিনী কমিটিক সাহাৰ্য প্ৰদান চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ

লগতে এই মত বিনিময় অনুষ্ঠানতে গাঁও পঞ্চায়ত আৰু Tea Garden Level Home Quarantine Management Committee কমিটি গঠনৰ পৰামৰ্শ দিয়ে গাওঁ ৰক্ষী বাহিনী আৰু পঞ্চায়ত প্ৰতিনিধি সকলক । তাৰউপৰিও বৰ্তমান হোম কোৱাৰেন্টাইনত থকা পৰিয়ালসমূহক সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, কৰ'ণা যোদ্ধাৰ দৰে নিজৰ অঞ্চলক ৰক্ষা কৰিবলৈ গাওঁৰক্ষী বাহিনীয়ে জনহিত আৰু জনসেৱাৰ্থে জাগ্ৰত পহৰীৰ ভূমিকা পালন কৰি অহাত মন্ত্ৰী গৰাকী ফালৰ পৰা বাঘমৰা উন্নয়ন খণ্ড অধিনৰ ৪৭খন গাঁওৰক্ষী বাহিনী কমিটিক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ ২ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

তাৰোপৰি, ‌মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে বাঘমৰা খণ্ড উন্নয়ন বিষয়া বিশ্বজিৎ দে', জিনজিয়া আৰক্ষী বিষয়া বিশ্বজিৎ মেধি প্ৰমূখ্যে বিহালী সমষ্টিৰ কোৱাৰেন্টাইন ব্যৱস্থপনা সমিতিৰ সহ-অধ্যক্ষ দধিৰাম শৰ্মা,জিলা পৰিষদৰ সদস্যদ্বয় ক্ৰমে অজয় দাস আৰু তৰুণ তাঁতি আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী উমেশ্বৰী কুৰ্মী ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.