গহপুৰ ২০ ছেপ্টেম্বৰ : আজি শ্বহীদ দিৱস । ২০ ছেপ্টেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি (Freedom fighter Kanaklata Baruah) । শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । গহপুৰত বিভিন্ন দল সংগঠনৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ ।
১৯৪২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ সেনানী হিচাপে বৰঙাবাৰীৰ কনকলতা বৰুৱা আৰু শ শ মুক্তিযুঁজাৰু গহপুৰ আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ ওলাই আহিছিল । সেই সময়তে গহপুৰ থানাৰ সমুখত ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা ।
কনকলতা গুলীবিদ্ধ হৈ মাটিত ঢলি পৰাৰ পিছত ত্ৰিৰংগাখন খামুচি ধৰি আগুৱাই গৈছিল মুকুন্দ কাকতি । তাৰ পিছতে মুকুন্দ কাকতিয়েও ব্ৰিটিছৰ আৰক্ষীৰ গুলীত মৃত্যুক সাৱটি লৈছিল । কিন্তু দেশমাতৃৰ বাবে আত্মবলিদান দিয়া বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ পৰিয়াল আজিও অৱহেলিত চৰকাৰী সা-সুবিধাৰ পৰা ৷
যি দৰে শ্বহীদ পৰিয়ালকেইটাই চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰিব লাগিছিল, তেনেদৰে সা-সুবিধা আজিও কিন্তু লাভ নকৰিলে পৰিয়ালকেইটাই । গহপুৰ বিভিন্ন দল সংগঠনে শ্বহীদ কনকলতা বৰুৱা নামত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।
ইফালে পুৱাই গহপুৰৰ মাজমজিয়াত থকা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল আৱক্ষ মূৰ্তি সুন্দৰকৈ সজোৱা লগতে গহপুৰ মহকুমাধিপতি দ্বীপন বৰ্মন, বিধায়ক উৎপল বৰা লগতে বিভিন্নজনে পুষ্পাঞ্জলি বন্তি প্ৰজ্বলন কৰে । আনহাতে বিশ্বনাথ জিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসৰ মুকলি সভাত বিয়লি ভাগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি দুয়োগৰাকীৰ শ্বহীদক প্ৰণাম জনাব ।
শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু ঘাঁহিগাঁও ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব ।
লগতে পঢ়ক: সুস্থ অৱস্থাতে আছে জয়মালা : জনালে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে