ETV Bharat / state

সাপ্তাহিক লক ডাউন : শনিবাৰৰ দিনটোত স্তব্ধ হৈ পৰে বিশ্বনাথ নগৰ

author img

By

Published : Jul 11, 2020, 10:59 PM IST

ৰাজ্য পৌৰসভাৰ অধিনৰ নগৰ সমূহত ৰাজ্য চৰকাৰে ইতিমধ্যে শনিবাৰ আৰু দেওবাৰে দুটা দিনৰ বাবে লক ডাউন ঘোষণা কৰিছে ৷ ইতিমধ্যে প্ৰথমটো সাপ্তাহিক লক ডাউনৰ দুটা দিন অতিক্ৰম কৰা পাছত দ্বিতীয়টো সপ্তাহৰ প্ৰথম দিনটোত ৰাজ্য আন আন নগৰ লগতে বিশ্বনাথ নগৰতো স্তব্ধ হৈ পৰে জন-জীৱন ।

সাপ্তাহিক লকডাউন : শনিবাৰৰ দিনটোত স্তব্ধ হৈ পৰে বিশ্বনাথ নগৰ

বিশ্বনাথ, 11 জুলাই : ভয়াৱহ ভাৱে কৰ’ণা আক্ৰান্ত সংখ্যা বৃদ্ধিৰ ফলত গুৱাহাটীৰ মহানগৰীকে ধৰি ৰাজ্যৰ পৌৰসভা অধিনৰ নগৰ সমূহ সামাজিক সংক্ৰমণ দিশে গতি কৰাৰ আশংকাকলৈ স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ মাজতো উদ্বিগ্নতাই বিৰাজ কৰিছে ।

শনিবাৰৰ দিনটোত স্তব্ধ হৈ পৰে বিশ্বনাথ নগৰ

ইফালে দৈনিক ক'ভিডত আক্ৰান্ত সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰীত যোৱা 28 জুলাইত 14 দিনৰ বাবে সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছিল ৷ এই লক ডাউন বাহাল থাকিব 12 জুলাইলৈ । আনহাতে ৰাজ্য পৌৰসভাৰ অধিনৰ নগৰ সমূহত ৰাজ্য চৰকাৰে শনিবাৰ আৰু দেওবাৰে দুটা দিনৰ বাবে লক ডাউন ঘোষণা কৰিছিল ৷

ইতিমধ্যে প্ৰথমটো সাপ্তাহিক লক ডাউনৰ দুটা দিন অতিক্ৰম কৰা পাছত দ্বিতীয়টো সপ্তাহৰ লক ডাউনৰ প্ৰথম দিনটোত ৰাজ্য আন আন নগৰ লগতে বিশ্বনাথ নগৰতো স্তব্ধ হৈ পৰে জন-জীৱন । এই লক ডাউন ফলত নগৰখনৰ ব্যৱসায় প্ৰতিষ্ঠান আদি সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে । আনহাতে বিশ্বনাথ চাৰিআলিৰ যান-বাহন শাখা আৰক্ষী ও কঠোৰ হোৱা পৰিলক্ষিত হয় ।

অৱশ্যে শনি আৰু দেওবাৰৰ এই লক ডাউন কাৰ্যকৰী নহয় গাঁৱত । তাৰ পৰিৱৰ্তে গাঁৱ সমূহত সন্ধিয়া 7 বজাৰ পৰা পূৱা 7 বজালৈ সম্পূৰ্ণ সান্ধ্য আইন বলৱৎ হৈ থাকিব ।

লগতে চাওক-লক ডাউন বৃদ্ধি নকৰিবলৈ চৰকাৰক আহ্বান তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.