ETV Bharat / state

বিশ্বনাথত কৰ'ণা ভাইৰাছৰ ভয়াবহ ৰূপত গণ সংক্ৰমণ - বিশ্বনাথৰ উপায়ুক্ত

বিশ্বনাথত কৰ'ণা ভাইৰাছৰ ভয়াবহ ৰূপত গণ সংক্ৰমণ। ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ । পুনৰ ১০ জন কোভিড-১৯ আক্ৰান্ত বেংক বিষয়া বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ অহা ২৯ জনলৈ বৃদ্ধি ‌‌।

biswanath covid-19
biswanath covid-19
author img

By

Published : Jul 2, 2020, 10:28 PM IST

বিশ্বনাথ, 2 জুলাই : বিশ্বনাথত কৰ'ণা ভাইৰাছৰ ভয়াবহ ৰূপত গণ সংক্ৰমণ ৷ বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা বিশ্বনাথ উপায়ুক্ত কাৰ্যালয় চৌহদতে থকা উপ-পঞ্জীয়কৰ কৰ্মচাৰীৰ তপন কুমাৰ সাহা দেহত বুধবাৰে কোভিড-১৯ ধৰা পৰাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী মাজত । কাৰণ বুধবাৰে আগবেলাও তপন কুমাৰ সাহা উপায়ুক্ত কাৰ্যালয়লৈ আহিছিল ।

উল্লেখযোগ্য যে, গুৱাহাটীৰ দিছপুৰ কাৰ্যালয়ৰ SBI শাখা CO বিজয় শংকৰ দাসৰ পৰা নাপিত সঞ্জীৱ ঠাকুৰ দেহলৈ কোভিড-১৯ সংক্ৰমণ হৈছিল । আনহাতে এই নাপিত সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছে তপন কুমাৰ সাহাক ৷ কাৰণ বৰ্তমানলৈকে তপন কুমাৰ সাহাৰ কোনো বহিঃৰাজ্যৰ পৰা অহা তথ্য বিশ্বনাথ মহকুমা স্বাস্থ্য বিভাগৰ হাত তথ্য নাই ৷

biswanath covid-19
বিশ্বনাথত কৰ'ণা ভাইৰাছৰ ভয়াবহ ৰূপত গণ সংক্ৰমণ

আনহাতে এতিয়া বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ত লাগিছে হাহাকাৰ ৷ বহু কৰ্মচাৰীৰ ইতিমধ্যে স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা বাবে প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে
৷ ইয়াৰ উপৰিও বিশ্বনাথত পুনৰ বৃস্পতিবাৰে বাবে দহজনৰ লোকৰ দেহত কোভিড -১৯ পজিটিভ পোৱাৰ কথা মৌখিক ভাৱে প্ৰকাশ কৰিছে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়া ডাঃ এলিজা ডেকাই । বৰ্তমানলৈকে বিশ্বনাথ চাৰিআলিৰ বিজয় শংকৰ আৰু নাপিত সঞ্জীৱ ঠাকুৰ পৰা বৰ্তমানলৈকে বিশ্বনাথ চাৰিআলিত ২৯ জন লোক গণ সংক্ৰমনৰ বলি হৈছে কোভিড-১৯ ত । কোভিড-১৯ আক্ৰান্ত আটাই কেইজনকে বালিচাঙৰ কোভিড চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিবলৈ দিয়ে বিশ্বনাথ মহকুমা স্বাস্থ্য বিষয়াই ।

লগতে পঢ়ক : নতুন ভূমি নীতিৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.