বিশ্বনাথ, 1 জুন : বিশ্বনাথত চিকিৎসকৰ কৰ্তব্যৰ অৱহেলাৰ বাবে পিতৃৰ প্ৰাণ যোৱা অভিযোগ সাংবাদিক পুত্ৰৰ (Journalist accused of dying his father due to negligence of doctor)। ঘটনাৰ বিৱৰণি অনুসৰি, বিগত 24 মে’ তাৰিখে নিশা ভাগত হিৰেণ কুমাৰ বৰুৱা নামৰ এগৰাকী ব্যক্তি তামোল খাই অচেতন হোৱাত ভৰ্তি কৰোৱা হৈছিল বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ।
কিন্তু চিকিৎসালয়খনত ৰোগীৰ বাবে বিছনা উপলব্ধ নথকা বাবে 700 টকা জমা কৰি পেয়িং কেবিনেট ৰখাৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসালয়খনৰ বিৰুদ্ধে । ইয়াৰ পিছত ৰোগীগৰাকীক ভৰ্তি কৰা আধা ঘন্টাৰ পিছত ৰোগীৰ কাষত উপস্থিত হয় চিকিৎসক ডাঃ ঋষিকেশ শৰ্মা ।
তাৰ পাচত চিকিৎসক ডাঃ ঋষিকেশ শৰ্মাই নাৰ্চক চেলাইন আৰু টোপনি বেজি দিবলৈ দি পুনৰ তেওঁ নিজৰ কোঠালিত শুবলৈ ৰাওনা হয় ৷ এই অভিযোগ হিৰেণ কুমাৰ বৰুৱাৰ আত্মীয়ৰ ৷ আনকি চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ মাজতেই ওৰেটো নিশাটো পাৰ কৰে ৰোগী আৰু আত্মীয়ই । এই অভিযোগ হিৰেণ কুমাৰ বৰুৱাৰ পুত্ৰ অনিত প্ৰতিম বৰুৱাৰ ৷
লগতে অনিত প্ৰতিম বৰুৱাই কয় যে, 25 মে’ৰ পুৱা প্ৰায় 7 বজাত ৰোগীগৰাকীৰ কোনো লৰ-চৰ নকৰাত চিন্তিত হৈ পৰে পৰিয়ালটো । তাৰ পাচতেই চিকিৎসক ডাঃ ঋষিকেশ শৰ্মাই লগে লগে তেজপুৰলৈ ৰেফাৰ কৰাৰ বাবে পৰামৰ্শ দিয়ে । লগে লগে ৰোগীগৰাকীক তেজপুৰ টাইমছ হাস্পতাললৈ লৈ যায় ৷ কিন্তু ইতিমধ্যে ৰোগীগৰাকীৰ মৃত্যু হোৱা বুলি উল্লেখ কৰে তেজপুৰ টাইমচ হাস্পতাল কতৃপক্ষ ৷
এতিয়া মৃত হিৰেণ কুমাৰ বৰুৱাৰ সাংবাদিক পুত্ৰ অনিত প্ৰতিম বৰুৱা তথা তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসক ঋষিকেশ শৰ্মা আৰু বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় কতৃপক্ষৰ অৱহেলাৰ বাবেই হিৰেণ কুমাৰ বৰুৱাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷
ইফালে সোমবাৰে এই অভিযোগৰ ভিত্তিতেই চিকিৎসকৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত দাখিল কৰি এক এজাহাৰ (FIR filed against doctor in biswanath) ৷ লগতে ভুক্তভোগী পৰিয়ালটোৱে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষক, জিলা উপায়ুক্ত, স্থানীয় বিধায়ক আৰু সাংসদৰ ওচৰত দাখিল কৰে এক অভিযোগ পত্ৰ ।
লগতে পঢ়ক : KK passes away: কলকাতাত আকস্মিক মৃত্যু বলীউডৰ জনপ্ৰিয় শিল্পী কে কে-ৰ