গহপুৰ, ৪ আগষ্ট : বানৰ সংহাৰৰ পিচতে সমগ্ৰ ৰাজ্যতে এতিয়া জাপানীজ এনকেফেলাইটিছে ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে । ৰাজ্যৰ আন আন জিলা লগতে বিশ্বনাথত মহকুমা আৰু গহপুৰ মহকুমাত এই ৰোগত বৰ্তমানলৈকে ৫ জনকৈ লোক আক্ৰান্ত হোৱা তথ্য পোহৰলৈ আহিছে ।
ইফালে এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে বিশ্বনাথৰ চতিয়াত এজন লোকৰ মৃত্যু হৈছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বিগত দেওবাৰে অনুপ শইকীয়া নামৰ এজন লোকৰ মৃত্যু হয় । মৃত লোকজনৰ ঘৰ কছাৰী গাঁৱত । আনহাতে, শেহতীয়াকৈ আন এক খবৰ অনুসৰি গহপুৰ মহকুমাত এটি শিশু জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে ।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, গহপুৰ মহকুমা হেলেম মৌজাৰ কাউৰীপথাৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত চন্দামাৰী বঙালীৰ লক্ষীকান্ত চুৰালৰ ডেৰ বছৰ বয়সীয়া পুত্ৰ গগণ চুৰাল এই ৰোগত আক্ৰান্ত হৈ বৰ্তমান তেজপুৰ মেডিকেল হাস্পতালৰ আই চিউত চিকিৎসাধীন হৈ আছে ।
প্ৰথমে অতিপাত জ্বৰ আৰু মূৰৰ বিষত ভোগা গগণক স্থানীয়ভাৱে চিকিৎসা কৰি কোনো সুফল নোপোৱাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ তাৰ পিচত তেওঁক জাপানীজ এনকেফেলাইটিছৰ পৰীক্ষা কৰাত এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হৈছে ।
ইফালে এই ৰোগৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ গহপুৰ স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ লোৱা লগতে গহপুৰ মহকুমা মেলেৰিয়া বিভাগৰ জ্যেষ্ঠ মেলেৰিয়া পৰিদৰ্শক চম্পক দাসৰ নেতৃত্বত মেলেৰিয়া বিভাগৰ এটা দলে উক্ত চন্দামাৰী বঙালী গাঁৱত মেচিনৰ সহায়ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে ৷ লগতে এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সজাগতা সৃষ্টি কৰা দেখা গৈছে ।
আনহাতে, বিশ্বনাথ চতিয়া অঞ্চলত যিদৰে বিশ্বনাথ মহকুমা স্বাস্থ্য বিভাগে পদক্ষেপ ল’ব লাগিছিল, তেনে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Japanese Encephalitis: মাজুলীত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে