ETV Bharat / state

কুসুমতলা মডেল হাস্পতালত স্বাধীনতা দিৱস পালন - ক’ভিড ৰোগী

কুসুমতলা মডেল হাস্পতালত ৭৪ তম স্বাধীনতা দিৱস পালন । পিপিই কিট পৰিধান কৰি চিকিৎসালয়ৰ কোঠাৰ ভিতৰৰ পৰাই সম্ভাষণ ক’ভিড যুদ্ধাক । ক’ভিড ৰোগীৰ মাজত মিঠাই, জাতীয় পতাকা বিতৰণ স্বাধীনতা দিৱস উপলক্ষে ৷

independence day celebrate at biswanath
independence day celebrate at biswanath
author img

By

Published : Aug 16, 2020, 5:27 AM IST

বিশ্বনাথ, 15 আগষ্ট : শনিবাৰে সমগ্র দেশতে ৭৪ তম স্বাধীনতা দিৱস উদযাপন কৰা হয় । আন বছৰ দৰে এই বছৰ উখল-মাখল পৰিৱেশ দেখা নগ’ল স্বাধীনতা দিৱসত । সামাজিক দূৰত্ব বজাই ৰাখি ৰাজ্য জিলাই জিলাই উদযাপন কৰিলে ৭৪ তম স্বাধীনতা দিৱসটি । ইফালে এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা কুসুমতলা মডেল হাস্পতাল তথা ক’ভিড কেয়াৰ চেন্টাৰত দেখা গ'ল অন্য এটা পৰিৱেশ ।
হাস্পতালখনত চিকিৎসাধীন হৈ থকা শিশু ক’ভিড ৰোগী সকলক ক’ভিড যুদ্ধা সকলে একো খনকৈ জাতীয় পতাকা উপহাৰ দিয়া লগতে প্ৰতিজন ক’ভিড ৰোগীক মিঠাই বিতৰণ কৰে ।

independence day celebrate at biswanath
কুসুমতলা মডেল হাস্পতালত স্বাধীনতা দিৱস পালন
। উল্লেখযোগ্য যে যিহেতু তেওঁলোকে সামাজিক ভাৱে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰে সেই বাবে হাস্পতাল কোঠাৰ ভিতৰৰ পৰাই এই দৰে মিঠাই জাতীয় পতাকা বিতৰণ কৰা লগতে পিপিই কিট পৰিধান কৰি হাতত জাতীয় পতাকা লৈ সম্ভৱখন জনোৱা দেখা গ'ল । চিকিৎসকৰ দলটো নেতৃত্বত দিছিল ডাঃ মৃদুস্মিতা সুদ, ডাঃ অংশুমান শৰ্মাকে ধৰি আন ক’ভিড যুদ্ধা সকলে ।

লগতে পঢ়ক : অন্ধবিশ্বাসঃ মৃত মহিলাক জীয়াই তুলিবলৈ বেজৰ 18 ঘণ্টীয়া তন্ত্ৰ-মন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.