ETV Bharat / state

বুৰৈ নদীৰ ওপৰত দ্বিতীয়খন পকী দলং উদ্বোধন - Dhatarwal construction company

বিহালী সমষ্টিৰ বুৰৈ নদী ওপৰত থকা দ্বিতীয়খন পকী দলং উদ্বোধন ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ শোণিতপুৰ জিলা সঞ্চালকৰ । উল্লেখ্য় যে ৫ বছৰে এই পথটোৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাই আহিছিল ৰাইজক ।

Dhatarwal construction company
ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 8:10 PM IST

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম

বিহালী, ৪ ডিচেম্বৰ: বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বুৰৈ নদী ওপৰত থকা দ্বিতীয়খন পকী দলং উদ্বোধন কৰা হয় । এই দলংখন উদ্বোধন কৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ শোণিতপুৰ জিলা সঞ্চালকে । উল্লেখযোগ্য যে বিগত ৫ বছৰে এই পথটোৰ দুৰৱস্থাই জ্বলা-কলা খুৱাই আহিছিল পথাচাৰীক । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশ্বনাথৰ পৰা গহপুৰলৈ ফ'ৰলেনযুক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব ৫ বছৰৰ আগতেই আন এটা কোম্পানীয়ে লাভ কৰিছিল ৷ কিন্তু ২০২০ চনতে পথটোৰ নিৰ্মাণ কাৰ্যৰ সময়সীমা উকলি গ'ল । ২০১৫ চনতে পথছোৱা নিৰ্মাণ দায়িত্ব লাভ কৰা অৰুণাচলী পথ নিৰ্মাণকাৰী সংস্থা টি কে ইঞ্জিনিয়াৰিঙে পথটোৰ নিৰ্মাণকাৰ্য সময়ত সম্পূৰ্ণ কৰিব নোৱাৰিলে ।

ইপিনে,ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০২১ চনত পুনৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ নগৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰিবলৈ অন্য এটা কোম্পানীক দায়িত্ব দিয়ে । পাঁচ বছৰ পূৰ্বেই বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ প্ৰায় ৫৭.৫ কিলোমিটাৰ পথৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল টি কে ইঞ্জিনিয়াৰিং নামৰ অৰুণাচলী কোম্পানীটোক ৷ পথটো নিৰ্মাণ বাবে ধন আৱন্টন দিয়া হৈছিল প্ৰায় ১৩০৭.০৫ কোটি টকা ৷ কিন্তু কোম্পানীটোৱে ৫ বছৰত অধিকাংশ টকা লুটপাত চলাই বিফল হ’ল পথছোৱা নিৰ্মাণত ৷

টি কে ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকচনৰ বিফলতাৰ পিচত বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে সমগ্ৰ ফ’ৰলেনযুক্ত পথছোৱা ২০২১ চনত নিৰ্মাণৰ দায়িত্ব লাভ কৰে হাৰিয়ানাৰ Dhatarwal construction company Pvt Ltd নামৰ কোম্পানীটোৱে । তাৰ পাছৰে পৰাই ডিচিচি নামৰ কোম্পানীটোৱে ২০২১ চনৰ পৰা দ্ৰুত গতিত নিৰ্মাণকাৰ্য চলায় ৷ সোমবাৰে পথটোত থকা অন্যতম বুৰৈ নদীৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দীঘল পকী দলং মুকলি কৰে পথ নিৰ্মাণ সংস্থা ডিচিচিয়ে । পুৱা ১১ বজাৰ পৰা পথ নিৰ্মাণ সংস্থাৰ বিষয়া সমবীৰ সিঙে যজ্ঞ কৰি দলংখন ৰাইজৰ বাবে মুকলি কৰে ।

লগতে পঢ়ক:দুই বৰাৰ নেতৃত্বত মিত্ৰজোঁট বেছি দিন নিটিকে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.