বিশ্বনাথ, 19 মে': বিশ্বনাথ জিলাৰ দুগৰাকী মহিলাৰ দেহত নতুনকৈ পোৱা গ'ল COVID-19 । দুয়োগৰাকী মহিলাই দিল্লীৰ পৰা অসমলৈ আহিছিল । তাৰ পাচতেই তেওঁলোক দুয়োকে কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল গুৱাহাটীৰ বন্দনা হোটেলত ।
![বিশ্বনাথত নতুনকৈ দুগৰাকী COVID-19 আক্ৰান্ত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-802-19-m-breaking-scrpt-as10018_19052020134333_1905f_1589876013_176.jpg)
আক্ৰান্ত হোৱা মহিলা দুগৰাকীৰ নাম ৰাখী বাচফৰ আৰু গৌৰী নায়ক । সম্বন্ধত তেওঁলোক নবৌ আৰু ননদ । বিশ্বনাথ চাৰিয়ালিৰ মিজিকাত চাহবাগিচাৰ ১০ নং লাইনত ঘৰ তেওঁলোকৰ ।
মহিলা দুগৰাকীৰ দেহত COVID-19 পজিটিভ পোৱাৰ পাচতেই বিশ্বনাথত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পায় ।
19 মে'ৰ দিনৰ 12 বজালৈ অসমত COVID-19 আক্ৰান্তৰ মুঠ সংখ্যা 135 গৰাকী হৈছে । য'ত 4 জনৰ মৃত্যু হৈছে আৰু 41 জন আৰোগ্য হৈ উঠিছে ।