বিশ্বনাথ চাৰিআলি, 4 জুনঃ বৃহস্পতিবাৰে বিশ্বনাথ জিলাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । জিলাখন উপস্থিত হৈ উপায়পুক্ত কাৰ্যালয়ত এক বৈঠক আয়োজন কৰে আৰু জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতি তথা কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহৰ বিষয়ে বুজ লয় । এই বৈঠকত জিলা প্ৰশাসনৰ লগতে উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰৰ বিধায়ক উৎপল বৰা,তেজপুৰৰ সাংসদ পল্লৱলোচন দাস,অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়,অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ইত্যাদি ।


ইফালে কোৱাৰেণ্টাইন কেন্দ্ৰত বিশৃংখলতাৰ সৃষ্টি কৰা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে । কোৱাৰেণ্টাইনত থকা কোনো লোকে অসুবিধাৰ সন্মুখীন হ'লে পোনপটীয়াকৈ প্ৰশাসনক অৱগত কৰিবলৈ মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ দিয়ে ।আনহাতে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহাৰ পাচতো মন্ত্ৰী গৰাকী কোৱাৰেণ্টাইনত নথকাক লৈ প্ৰশ্ন কৰা কংগ্ৰেছৰ দলপতি দেবব্ৰত শইকীয়াক কটাক্ষ কৰি তেওঁক সন্তুষ্ট কৰিবলৈ তেওঁ কাম কৰি থকা নাই বুলি উল্লেখ কৰে ।
লগতে চাওকঃ ২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে