ETV Bharat / state

সমাজ সেৱিকা হেমপ্ৰভা ৰয় বৰাৰ বিয়োগ - হেমপ্ৰভা ৰয় বৰা

অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈ অহা হেমপ্ৰভা ৰয় বৰাই মধুপুৰ গাঁৱৰ মহিলা সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে "মিলিজুলি মহিলা সমিতি" নামৰ এখন মহিলা সমিতি গঠন কৰি প্ৰতিষ্ঠাপক সভানেত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰিছিল । তদুপৰি স্থানীয় চিলথিয়া স্বাস্থ্য উপ-কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভানেত্ৰীৰ দায়িত্বও পালন কৰিছিল বৰাই ৷

গহপুৰৰ সমাজ সেৱিকা হেমপ্ৰভা ৰয় বৰাৰ বিয়োগ

author img

By

Published : Feb 17, 2021, 1:46 PM IST

বিশ্বনাথ,১৭ ফেব্ৰুৱাৰী: গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বালিজান মধুপুৰ গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজ সেৱিকা, সৰবৰহী মহিলা হেমপ্ৰভা ৰয় বৰাৰ মঙলবাৰে বিয়লি নিজ বাসগৃহত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে ৷ বৰাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

উল্লেখ্য যে, অঞ্চলটোৰ বিভিন্ন সামাজিক কাম-কাজত আগভাগ লৈ অহা হেমপ্ৰভা ৰয় বৰাই মধুপুৰ গাঁৱৰ মহিলা সকলৰ সামগ্ৰিক উন্নয়নৰ বাবে "মিলিজুলি মহিলা সমিতি" নামৰ এখন মহিলা সমিতি গঠন কৰি প্ৰতিষ্ঠাপক সভানেত্ৰীৰ দায়িত্ব সফলতাৰে পালন কৰিছিল । তদুপৰি স্থানীয় চিলথিয়া স্বাস্থ্য উপ-কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভানেত্ৰীৰ দায়িত্বও পালন কৰিছিল বৰাই ৷

আনহাতে, কংগ্ৰেছ দলৰ জালুকবাৰী মণ্ডল কংগ্ৰেছৰ ৯ আৰু ১০ নং ৱাৰ্ডৰ সভানেত্ৰীৰ দায়িত্বও এটা সময়ত হেমপ্ৰভা ৰয় বৰাই পালন কৰিছিল । মৃত্যুৰ সময়ত হেমপ্ৰভা ৰয় বৰাই গহপুৰৰ জ্যেষ্ঠ সাংবাদিক অমৰজ্যোতি ৰয়সহ তিনি গৰাকী পুত্ৰ, এগৰাকী জীয়ৰী আৰু নাতি-নাতিনী, আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে । সম্প্ৰতি হেমপ্ৰভা ৰয় বৰাৰ বিয়োগত একাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়কঃ বৰপেটাত কংগ্ৰেছৰ স্থিতি শক্তিশালী: আব্দুল খালেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.