ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া সম্পৰ্কে সজাগতা সভা

বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বেদেতী পথাৰ বৰজুলি উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ওৰাংবস্তি গাঁৱত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ দৰে বীজাণুজনিত ৰোগ সমূহৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে এখনি সজাগতা সভা অনুষ্ঠিত কৰে বিশ্বনাথ জিলা প্ৰশাসনে ।

author img

By

Published : Jun 29, 2021, 8:05 AM IST

জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া সম্পৰ্কে সজাগতা সভা
জাপানীজ এনকেফেলাইটিছ, মেলেৰীয়া সম্পৰ্কে সজাগতা সভা

বিশ্বনাথ, 29 জুন : বিশ্বনাথ জিলা প্ৰশাসনে জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ দৰে বীজাণুজনিত ৰোগসমূহ প্ৰতিহত কৰিবৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰে অংশ হিচাবে যোৱা ২৫ জুন তাৰিখে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত বেদেতী পথাৰ বৰজুলি উপ-স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ওৰাংবস্তি গাঁৱত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ দৰে বীজাণুজনিত ৰোগ সমূহৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যেৰে এখনি সজাগতা সভা অনুষ্ঠিত কৰে । সভাৰ সৈতে সংগতি ৰাখি ৰাইজৰ জ্বৰ পৰীক্ষাও কৰা হয় ।

জিলা মেলেৰিয়া বিষয়া কাকলি দত্তই প্ৰকাশ কৰা অনুসৰি, গাঁওৰক্ষী বাহিনীৰ সম্পাদক ধৰ্মেন্দ্ৰ সিং দাসে সভাপতিত্ব কৰা সভাখনত নিৰীক্ষণ পৰিদৰ্শক মোহন গগৈ আৰু প্ৰদীপ ভূজেল, নিৰীক্ষণ কৰ্মী নিতুল গগৈ আৰু মোহন বৰুৱা, নাৰ্চ ভবানী উপাধ্যায় আৰু ৰেখা বৰুৱা আৰু আশা কৰ্মী নিৰু দে’ই অংশ গ্ৰহণ কৰি ৰাইজক ৰোগসমূহৰ বিষয়ে অৱগত কৰে । সম্পূৰ্ণ ক’ভিড নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত কৰা সভাখনত জ্বৰ পৰীক্ষা কৰোতে উপস্থিত কোনো ব্যক্তিৰ দেহত মেলেৰিয়াৰ বীজাণু পোৱা নগ’ল । সভাত সজাগতা মূলক প্ৰচাৰ পত্ৰও বিতৰণ কৰা হয় ।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বিশ্বনাথৰ উপায়ুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত জিলা বিশেষ কৰ্ম বাহিনীৰ এক সভাত অধ্যক্ষতা কৰি স্বাস্থ্য আৰু অন্যান্য সংশ্লিষ্ট বিভাগ সমূহক সমগ্ৰ জিলা খনতে জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ প্ৰাৰ্দুভাৱৰ বিৰুদ্ধে ব্যাপক সজাগতা অভিযান আৰম্ভ কৰাৰ উপৰিও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদেৰ্শ জাৰি কৰিছিল।

লগতে পঢ়কঃ Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.