বিশ্বনাথ,25নৱেম্বৰঃ গহপুৰৰ ককিলা নাহৰণীৰ যুৱতী জানমণি বৰাই জনা বুজা হোৱা বয়ষৰ পৰাই নিজকে যুৱতী হিচাপে নহয়, এগৰাকী (যুৱক)পুৰুষ হিচাপেহে গণ্য কৰি আহিছে । কোনো দিনে যুৱতী অথবা মহিলাই পৰিধান কৰা সাজপাৰ নিপিন্ধা জানমণিয়ে যুৱক সকলে পৰিধান কৰা সাজপাৰ পিন্ধিয়েই পুৰুষৰ দৰে সকলো কাম কৰি আহিছে । নিজকে এজন পুৰুষ হিচাপেই গঢ় দি লোৱা জানমনিয়ে পথাৰৰ পৰা ডাঙৰী কঢ়িওৱা, তামোল গছত উঠি তামোল পাণ চিঙা, বাঁহৰ বিভিন্ন কাম-কাজ কৰা, খেতিত কোৰ মৰা আদি বিভিন্ন কাম হেলাৰঙে কৰি আহিছে।
উল্লেখযোগ্য যে, ঘৰখনৰ এজন পুৰুষে কৰিব লগা সকলো কাম-কাজতে পাকৈত জানমণিয়ে নিজৰ বিবাহৰ কথা চিন্তা নকৰি নিজৰ ভৰিত নিজেই থিয় দিয়া চেষ্টাৰে এখন থলুৱা কুকুৰা আৰু ব্ৰইলাৰ ফাৰ্ম, মৎস্য পালনৰ উপৰিও দুজনীকৈ জাৰ্চী গাই পালন কৰি দানা দিয়া, ঘাঁহ কটাৰ কাম কৰাৰ উপৰিও নিজে গাখীৰ খীৰাই মটৰ চাইকেল চলাই হোটেলত বিক্ৰীও কৰে। নিজৰ উপাৰ্জনেৰে এখন চাৰিচকীয়া টেম্পু ক্ৰয় কৰি লোৱা জানমণি টেম্পুখনৰ ভাড়া মাৰে । পিতৃৰ মৃত্যুৰ পাছৰে পৰা নিজৰ পৰিয়ালটোত এজন পুৰুষৰ দৰেই সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়াই অহা জানমণিয়ে বৰ্তমান ৩৯ বছৰ বয়স অতিক্ৰম কৰিছে ।