বিশ্বনাথ, ১৯ মে': বিহালী জিনজিয়াত ক'ভিডক কেন্দ্ৰ কৰি এক আতংকৰ পৰিৱেশে বিৰাজ কৰে । বিহালীৰ ভিমলাল উপাধ্যায় নামৰ এজন ব্যক্তি কভিডত আক্ৰান্ত হৈ মঙলবাৰে গুৱাহাটী মেডিকেল কলেজত মৃত্যু হৈছিল ৷ জিএমচিএইচৰ কৰ্তৃপক্ষই ব্যক্তিজনৰ মৃতদেহ পৰিয়ালক চমজাই দিয়ে ৷
চৰকাৰী নিয়ম মানি পৰিয়ালৰ লোকে ব্যক্তিজনৰ নশ্বৰ দেহ অন্তিম সৎকাৰৰ বাবে বৰগাং নদীৰ বালি চাপৰিত উপস্থিত হয় ৷ ইয়াৰ পাচতে বৰগাং নদীৰ পাৰত বাস কৰা কুঁহিয়াৰবাৰী গাঁৱৰ ৰাইজৰ মাজত এক আতংকই বিৰাজ কৰে ৷
মৃতকৰ পৰিয়ালক মৃতদেহ সৎকাৰ কৰিবলৈ বাধা দিয়ে অঞ্চলটোৰ ৰাইজে ৷ পৰিস্থিতি এনে পৰ্যায় পায় যে অৱশেষত জিনজিয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক সৰুজ উপাধ্যায়, বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ চেতিয়া, জিনজিয়া আৰক্ষীৰ উপ আৰক্ষী বিষয়া ৰহেন্দ্ৰ বাগলাৰী লগতে স্থানীয় একাংশ সাংবাদিকৰ তৎপৰতা ভিমলাল উপাধ্যায় নামৰ ব্যক্তিজনৰ নশ্বৰ দেহ সৎকাৰ কৰিবলৈ সক্ষম হয় ৷
সমগ্ৰ সৎকাৰস্থলী চেনিটাইজেশ্যন কৰাৰ পাচতহে ৰাইজে সৎকাৰ কৰিব দিয়ে মৃতদেহ ৷ আনহাতে আৰক্ষী বিষয়া জনে বিহালীৰ ৰাইজক আতংকিত আৰু ভূৱা প্ৰচাৰত ভুল নাযাবলৈ আহ্বান জনায় ৷
লগতে পঢ়ক : আংশিক লক ডাউনে ৰাজ্যৰ চহা খেতিয়কলৈ নমাইছে বিপদ