বিশ্বনাথ, ১১ফেব্ৰুৱাৰী : বিশ্বনাথ জিলাৰ গহপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাই । উল্লেখ যে গহপুৰ বিধান সভা সমষ্টিৰ বেলগুৰি ৰাওনামুখলৈ যোৱা গুৰুত্বপূৰ্ণ পথটোৰ বাবে দীৰ্ঘদিন ধৰি যমৰ যাতনা ভোগী আহিছিল ৰাইজে । ৰাইজৰ এই সমস্যাৰ প্ৰতি লক্ষ্য় ৰাখি ৰাইজৰ সুবিধা হোৱাকৈ বৃহস্পতিবাৰে গহপুৰৰ বিধায়ক উৎপল বৰাই উক্ত পথটোৰ আধাৰশিলা স্থাপন কৰে ।
উল্লেখযোগ্য যে ২০২০-২১ বৰ্ষৰ এছঅ'পিডি আঁচনিৰ অধীনত উক্ত পথটো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । ইফালে বিয়লি বিধায়ক গৰাকীয়ে অসমৰ পৰ্যটন উদ্যোগটোক চহকী কৰাৰ উদ্দেশ্যে ঐতিহ্যমণ্ডিত ঠাই সমূহৰ উন্নতকৰণৰ বাবে চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত চৰাইবাৰী অঞ্চলৰ ফুলেশ্বৰী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াই বিধায়ক উৎপল বৰাই ।
![গহপুৰত কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-806-11-f-gohpur-mla-utpal-borah-scrpt-photo-as10018_11022021202536_1102f_1613055336_275.jpg)
তাৰ লগতে গহপুৰ বীৰ স্বহীদ নীৰজ ছেত্ৰীৰ নামেৰে নামাংকিত হোৱা অসম চৰকাৰৰ আৰআইডিএফ আঁচনিৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চান্দামাৰী বুৰৈ সংযোগী পথ এটাৰো আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে । তাৰ ওপৰিও বিধায়ক গৰাকীয়ে আমতলা পঞ্চায়তৰ অন্তৰ্গত মেইলবজাৰ অঞ্চলত হ'বলগীয় এটা কালভাৰ্টৰ আধাৰশিলা এটাও স্থাপন কৰে ।
লগতে পঢ়ক:নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ