বৰপেটা, 17 জুনঃ বুধাবৰে বৰপেটা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ কলগাছিয়াৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰে, বৰপেটা জিলা পৰিষদৰ উপ-সভাপতি ছামচুল হকে ৷ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰি উপ-সভাপতি গৰাকীয়ে সুখী অনুভৱ কৰে বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ৷
উপ-সভাপতি গৰাকীয়ে সকলোকে চৰকাৰী নীতি-নিয়ম মানি চলি মহামাৰী কৰ'ণা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷ উপ-সভাপতি ছামচুল হকৰ এই ফল-মূল বিতৰণ কাৰ্যসূচীত বৰভিটা জিলা পৰিষদৰ সদস্যা মহেলা খাতুন, ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছুৰমান আলী, বৰপেটা মহিলা কংগ্ৰেছৰ উপ-সভাপতি মমতাজ বেগম, কলগাছিয়া কমাৰ্চ কলেজৰ অধ্যক্ষ নাজিৰা বেনুনকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে ৷
লগতে পঢ়কঃ শিক্ষাৰ্থীক সাম্প্ৰতিক প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আহিলা প্ৰদানৰ দাবী গৌৰৱ গগৈৰ