ETV Bharat / state

নিজক জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱাত ব্যস্ত এগৰাকী চিকিৎসক - Biswanath Sariali Police Station

বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই বিশেষভাৱে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এগৰাকী চিকিৎসকে ৷ কৰ'ণাৰ মহামাৰীৰ সংকট কালতো দৈনিক চিকিৎসা সেৱা আগবঢ়াই গৈছে চিকিৎসকগৰাকীয়ে ৷

free medical Treatment for People At Biswanath District
নিজক জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱাত ব্যস্ত এগৰাকী চিকিৎসক
author img

By

Published : Aug 8, 2021, 3:33 PM IST

বিশ্বনাথ , 8 আগষ্ট : যিটো সময়ত একাংশ চিকিৎসক তথা স্বাস্থ্য কৰ্মীয়ে নিজৰ দায়িত্ব পালনত পিঠি দিয়াৰ সততে অভিযোগ উত্থাপন হৈ আহিছে ৷ সেই সময়তেই একান্তভাৱে দায়িত্ব পালনৰে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথৰ এগৰাকী চিকিৎসকে ৷ চিকিৎসকগৰাকী হৈছে বিশ্বনাথ জিলা (Biswanath District)ৰ পাভৈৰ ডাঃ ৰঞ্জন গগৈ ৷ মহামাৰী ক'ভিড (Covid-19)ৰ আতংকৰ সময়তেই বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ডাঃ ৰঞ্জন গগৈয়ে ৷

নিজক জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসা সেৱাত ব্যস্ত এগৰাকী চিকিৎসক

ক'ভিডৰ এই ভয়াৱহ সংকট কালত ৰাইজৰ লগতে সুৰক্ষা কৰ্মী সকলকো চিকিৎসা সেৱা আগবঢ়াইছে চিকিৎসকগৰাকীয়ে ৷ ইয়াৰ মাজতে শুকুৰবাৰেও এক বিনামূলীয়া স্বাস্থ্য শিবিৰত আৰক্ষী জোৱানৰ লগতে জিলা খনৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ডাঃ ৰঞ্জন গগৈয়ে । বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ অনুৰোধ মৰ্মে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী চকীত অনুষ্ঠিত কৰা হৈছিল এই চিকিৎসা শিবিৰ ।

শুকুৰবাৰে পুৱাৰ পৰা অনুষ্ঠিত হোৱা এই স্বাস্থ্য পৰীক্ষা শিবিৰত প্ৰায় ১০০ জন আৰক্ষী জোৱানে স্বাস্থ্য পৰীক্ষা কৰে ৷

এই স্বাস্থ্য পৰীক্ষা শিবিৰটো সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰে চিকিৎসকগৰাকীয়ে। চিকিৎসক গৰাকীৰ এনে উদাৰ কাৰ্য‌ৰ বাবে আৰক্ষী বিষয়া তথা জোৱান সকলে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক - চিকিৎসাকৰ্মীক শিলগুটি আৰু ইটাৰ টুকুৰা নিক্ষেপ কৰি পাঁচজন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.