ETV Bharat / state

বিহালীত কোৱাৰেণ্টাইনত থকা পৰিয়ালক ৰঞ্জিত দত্তৰ নিৰ্দেশত খাদ্যৰ যোগান - কোৱাৰেণ্টাইন

প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ নিৰ্দেশত বিহালীত কোৱাৰেণ্টাইনত থকা পৰিয়ালক খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিলে বিজেপি কৰ্মীয়ে । মোনাবাৰী গাঁও পঞ্চায়তৰ বিহুপুখুৰীৰ কেইবাটাও পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে বিজেপি কৰ্মী সকলে ৷

Food item distribution in Biswanath district
বিহালীত কোৱাৰেণ্টাইনত থকা পৰিয়ালক ৰঞ্জিত দত্তৰ নিৰ্দেশত খাদ্যৰ যোগান
author img

By

Published : May 14, 2021, 10:31 AM IST

বিশ্বনাথ, ১৪ মে': কৰ'ণাসৃষ্ট সংকটকালত সমষ্টিৰ দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াইছে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক ৰঞ্জিত দত্তই । প্ৰাক্তম মন্ত্ৰী গৰাকীৰ নিৰ্দেশতেই বিজেপি কৰ্মী সকলে বৃহস্পতিবাৰে সমষ্টিটোত হোম কোৱাৰেণ্টাইনত থকা পৰিয়াল সমূহক খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে ৷

Food item distribution in Biswanath district
বিহালীত কোৱাৰেণ্টাইনত থকা পৰিয়ালক ৰঞ্জিত দত্তৰ নিৰ্দেশত খাদ্যৰ যোগান

উল্লেখ্য যে, বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত ১০০ জন লোকৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল । আক্ৰান্ত লোকসকলৰ অধিকাংশই দৰিদ্ৰ সীমা ৰেখাৰ তলৰ । এই ১০০ জন লোকৰ ভিতৰত বহুকেইজন লোক সুস্থ হৈ বৰ্তমান হোম কোৱাৰেণ্টাইনত আছে যদিও আন আক্ৰান্ত লোকসকল বৰ্তমানেও চিকিৎসালয়ত আছে ।

একাংশ ৰোগীক হোম আইচ'লেশ্যনত থকাৰ পৰামৰ্শ দিছে চিকিৎসকে । কিন্তু হোম কোৱাৰেণ্টাইনত থাকিব লগীয়া হোৱা বাবে এতিয়া বিহালী মোনাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহুপুখুৰী বহু কেইটা পৰিয়াল খাদ্য সামগ্ৰীৰ নাটনিৰ সন্মুখীন হৈছে ।

এই খবৰ লাভ কৰাৰ পিছতে সমষ্টিটোৰ বিধায়ক ৰঞ্জিত দত্তই তেওঁলোকক সহায় কৰাৰ বাবে আগবাঢ়ি আহে । বৃহস্পতিবাৰে বিধায়কগৰাকীৰ নিৰ্দেশত বাঘমৰা মণ্ডল বিজেপি সভাপতি দধিৰাম শৰ্মা, আৰু মোনাবাৰী জিলা পৰিষদৰ সদস্য তৰুণ তাঁতীৰ নেতৃত্বত এটা দলে উক্ত পৰিয়ালকেইটাৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱা লগতে প্ৰতিটো পৰিয়ালক কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰে । চিকিৎসকে দিয়া প্ৰতিটো পৰামৰ্শ পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে পৰিয়ালকেইটাক ভৱিষ্যতে সহায়-সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক:নতুন SOP ক লৈ কলগাছিয়াত কঠোৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.