ETV Bharat / state

বানত পুনৰ বুৰ গ’ল গহপুৰ মহকুমাৰ কেবাখনো গাঁও

author img

By

Published : Jul 23, 2020, 10:30 PM IST

নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই । আশ্ৰয়হীন বানাক্ৰান্তৰ হাহাকাৰ । শিশু বাবে নাই পুষ্টিকৰ খাদ্য ।

বানত পুনৰ বুৰ গ’ল গহপুৰ মহকুমাৰ কেবাখনো গাঁও
বানত পুনৰ বুৰ গ’ল গহপুৰ মহকুমাৰ কেবাখনো গাঁও

বিশ্বনাথ, ২৩ জুলাইঃ তৃতীয়টো বানৰ কবলত বিশ্বনাথ জিলা গহপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ 6 খনকৈ গাঁও পঞ্চায়ত ৷ ইয়াৰ ফলত হাহাকাৰৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

গহপুৰ মহকুমাৰ বাকৰি পঞ্চায়তৰ গোপালজাৰনি,সৰুতামুলী,বৰতামুলী,ঠুটেচাপৰিকে ধৰি কেইবাখনো গাঁও সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে ৷ বানপানীত সকলো সা-সম্পত্তি হেৰুৱাই একমাত্ৰ নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোক সকলে ৷

খাদ্যৰ অভাৱকত দুৰ্ভোগ ভুগিছে বানাক্ৰান্ত সকলে ৷ বিপদত পৰা সেই সকল ৰাইজৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কোনো জন প্ৰতিনিধি অথবা প্ৰশাসনৰ লোকে !গহপুৰৰ দক্ষিনাঞ্চলত থকা বান শিবিৰৰ অৱস্থা তেনেই পুতৌলগা ৷ শিবিৰ সমূহত আছে 1 ৰ পৰা 5 বছৰীয়া দহজনৰো অধিক শিশু ৷ কিন্তু শিশু সকলৰ বাবেও নাই কোনো পুষ্টিকৰ খাদ্য ৷

শিবিৰসমূহত বসবাস কৰিছে শিশুৰ পৰা বৃদ্ধ লোকে ৷ কিন্তু তাত নাই কোনো সামাজিক দূৰত্ব ৷ কৰ’ণা সংকটৰ সময়ত এইটোয়ো হৈ পৰিছে এক চিন্তনীয় বিষয় ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ: তাৰ মাজতে ঘটিল অঘটন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.