ETV Bharat / state

চত্ৰং নৈৰ বানত বুৰিছে গহপুৰ

author img

By

Published : May 16, 2022, 1:51 PM IST

কেইবাদিনো ধৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত গহপুৰত কালৰূপ ধাৰণ কৰিছে চত্ৰং নৈয়ে ৷ ৮ নং ৱাৰ্ডৰ এটা পথ নৈৰ প্ৰৱল সোঁতত ছিঙি যোৱাৰ ফলত গহপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হয় ৷ চত্ৰং নৈৰ মথাউৰিক লৈও শংকিত হৈ পৰিছে গহপুৰবাসী(Flood situation in Gohpur) ।

গহপুৰত বানৰ কৱলত বৃহৎ অঞ্চল
গহপুৰত বানৰ কৱলত বৃহৎ অঞ্চল

গহপুৰ 16 মে’ : চত্ৰং নৈৰ প্ৰৱল সোঁতে সোমবাৰে গহপুৰ পৌৰসভাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ ৰেল লাইন সমীপত থকা এটা পথ ছিঙি নিয়ে ৷ পথটো ছিঙি যোৱাৰ ফলত নদীৰ বাঢ়নী পানী সোমাই ৮ নং ৱাৰ্ডৰ লগতে ৬ নং ৱাৰ্ডকে ধৰি বহুকেইটা অঞ্চলত সোমাই বুৰাই পেলায় ৷ বৃহত্তৰ অঞ্চলটোত বানৰ সৃষ্টি হোৱা ফলত বহু পৰিয়ালৰ সা-সম্পত্তি নষ্ট হয়(Hit By First Wave Of Floods in assam) ।

ইফালে গহপুৰ নগৰত বহুকেইটা অঞ্চলত বাঢ়নী পানীয়ে বাট-পথ, ঘৰ-বাৰী বুৰাই পেলোৱাৰ ফলত ৰাইজৰ জীৱনযাত্ৰা ব্যাহত হৈ পৰে ৷ বিগত বছৰৰ দৰে এইবছৰো বছৰৰ প্ৰথমটো বানতে পথটো ছিঙি যোৱাৰ বাবে স্থানীয় ৰাইজে পথ নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰক দায়ী কৰে ৷ ঠিকাদাৰৰ কামৰ হেমাহিৰ বাবেই এইদৰে সঘনাই গহপুৰত বান হোৱাৰ অভিযোগ কৰে স্থানীয় লোকে(Flood in assam 2022) ৷

গহপুৰত বানৰ কৱলত বৃহৎ অঞ্চল

আনহাতে, চত্ৰং নৈৰ মথাউৰিটোক লৈও শংকিত হৈ পৰিছে গহপুৰবাসী(Flood situation in Gohpur) ৷ যিকোনো সময়ত নদীৰ প্ৰৱল সোঁতে মথাউৰিটো ছিঙি নিয়াৰ শংকাত শংকিত হৈ পৰিছে চহৰখনৰ জনসাধাৰণ ৷

উল্লেখ্য যে, বিশ্বনাথ নগৰখনক বানৰ পৰা মুক্ত কৰাৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে চত্ৰং নৈৰ দুয়োপাৰে ৬৩৫ মিটাৰ পকী গাৰ্ড ৱাল নিৰ্মাণৰ বাবে ১৫ কোটি টকা আৱণ্টন দিছিল ৷ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ফেব্ৰুৱাৰীত এই কামৰ শুভাৰম্ভ কৰি তিনিমাহৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷

ৰাইজে অভিযোগ কৰা মতে, দায়িত্বপ্ৰাপ্ত ঠিকাদাৰজনে লেহেম গতিত কাম কৰাৰ বাবে দহ শতাংশ কামহে সম্পূৰ্ণ হোৱাত এনেদৰে নগৰবাসী পানীত বুৰ যাব লগা হৈছে ৷ ইফালে নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত মহকুমাটোৰ পশ্চিম প্ৰান্তৰ বুৰৈ নদী তীব্ৰগতিৰে বাঢ়ি অহাত নৈৰ বালিচৰত কৰা শ শ বিঘা তৰমুজৰ খেতি পানীত বুৰ যায় ৷ বৃহত্তৰ এলেকাটোৰ প্ৰায় অৰ্ধ শতাধিক যুৱকে ঋণ লৈ কৰা তৰমুজ খেতিসমূহ পানীত ডুব যোৱাত খেতিয়কৰো সপোন ছাৰখাৰ হৈ পৰে ৷

লগতে পঢ়ক : কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.