ETV Bharat / state

গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যাগত বিহালীত সম্বৰ্ধনা অনুষ্ঠান - বিহালীত সম্বৰ্ধনা অনুষ্ঠান

বিহালীত বুধবাৰে ভিন্ন শিক্ষানুষ্ঠানৰ 35 গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে, বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ছ'চাইটিয়ে ৷

বিহালীত সম্বৰ্ধনা অনুষ্ঠান
বিহালীত সম্বৰ্ধনা অনুষ্ঠান
author img

By

Published : Aug 13, 2020, 12:40 PM IST

Updated : Aug 13, 2020, 2:06 PM IST

বিশ্বনাথ, 13 আগষ্ট: বুধবাৰে বিহালী সমষ্টিৰ অন্তৰ্গত পূৰ্ব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বনাথৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ছ'চাইটিয়ে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক কিশোৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আত ধৰে সঞ্চালিকা স্নিগ্ধা গোস্বামী হাজৰিকাই ৷ অনুষ্ঠানটোত জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পূৰ্ব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ 35 গৰাকীকৈ কৃতী ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানটোত সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে ৷ ইয়াৰোপৰি যিসকলে অঞ্চলটোৰ ভিতৰতে আটাইতকৈ অধিক নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়, তেওঁলোকক কিছু আৰ্থিক সাহাৰ্যও প্ৰদান কৰে স্বেচ্ছাসেৱী সংগঠনটোৱে ৷

গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্যাগত বিহালীত সম্বৰ্ধনা অনুষ্ঠান

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অনন্ত সোনা ৷ অনন্ত সোনাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি জীৱনৰ মাত্ৰ ৫ টা বছৰ গুৰুত্ব দি পঢ়িবলৈ আহ্বান জনায় ৷ তেওঁ উল্লেখ কৰা অনুসৰি জীৱনৰ সেই 5 বছৰ পুনৰ ঘূৰি নাহে ৷ ৫ টা বছৰ গুৰুত্ব সহকাৰে লৈ পঢ়িলেহে সফলতাৰ পথত কোনো হেঙাৰ নাথাকে বুলি কয় তেওঁ ৷ আনহাতে স্বেচ্ছাসেৱী সংগঠনটোৰ সঞ্চালক তথা সমাজকৰ্মী কিশোৰ হাজৰিকাই সংগঠনটো সদায় ছাত্ৰ-ছাত্ৰী সকলৰ কাষত আছে বুলি উল্লেখ কৰি, ছাত্ৰ-ছাত্ৰী সকলক সমাজত চিনাকি কৰাই দিয়াৰ বাবে সংগঠনটোৱে কাম কৰি যাব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

Last Updated : Aug 13, 2020, 2:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.