ETV Bharat / state

Environmental awareness programme: বিশ্বনাথত পদ্মশ্ৰী যাদব পায়েঙক বিশ্ব পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান

author img

By

Published : Jun 13, 2022, 6:56 PM IST

Updated : Jun 13, 2022, 7:01 PM IST

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথত পৰিৱেশ সজাগতা সভা (Environmental awareness programme) ৷ সজাগতা সভাত অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েঙৰ অংশগ্ৰহণ । প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে গ্ৰহণ কৰিব লগীয়া বিভিন্ন পদক্ষেপ আৰু নিজৰ অভিজ্ঞতা সম্পৰ্কে ব্য়াখ্য়া কৰে অৰণ্য মানৱগৰাকীয়ে (Jadav Payeng tells his story) ৷

Environmental Awareness discussion
বিশ্বনাথৰ মোনাবাৰীত পৰিৱেশ সজাগতা সভা

বিশ্বনাথ ১২ জুন: বিশ্বনাথৰ মোনাবাৰীস্থিত চাইনিং গ্ৰীণ আছিয়ানা ফাউণ্ডেচনৰ উদ্যোগত ১২ জুনত অনুষ্ঠিত হয় এখনি পৰিৱেশ সজাগতা সভা (Environmental awareness programme) l এই সজাগতা অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েঙে । উক্ত অনুষ্ঠানত অৰণ্য মানব যাদব পায়েঙক 'বিশ্ব পৰিৱেশ সঞ্জীৱন বঁটা' প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতে বিশ্বনাথৰ জ্য়েষ্ঠ অধিবক্তা তথা প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱালৈকো আগবঢ়োৱা হয় পৰিৱেশ সচেতকৰ বঁটা । এই অনুষ্ঠানটোতে জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়াক প্ৰদান কৰা হয় সংবাদ সঞ্জীৱন বঁটা।

Environmental Awareness discussion
বিশ্বনাথৰ মোনাবাৰীত পৰিৱেশ সজাগতা সভা

ইয়াৰোপৰি সভাখনত মোনাবাৰী অঞ্চলৰ বহুকেইগৰাকী জ্য়েষ্ঠ তথা সচেতন নাগৰিককো সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে মোনাবাৰি অঞ্চলৰ কৃতি ছাত্ৰ- ছাত্ৰী সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে চাইনিং গ্ৰীণ আছিয়ান ৱেলফেয়াৰ ফাউণ্ডেচনে । সভাত অৰণ্য মানৱ পদ্মশ্ৰী যাদব পায়েঙে প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণে গ্ৰহণ কৰিব লগীয়া বিভিন্ন পদক্ষেপ আৰু নিজৰ অভিজ্ঞতা সম্পৰ্কে ব্য়াখ্য়া কৰে । লগতে হাতী-মানৱৰ সংঘাত সম্পৰ্কেও ব্য়াখ্য়া কৰে অৰণ্য মানৱগৰাকীয়ে। আনহাতে, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথৰ চাইনিং গ্ৰীন আছিয়ানা ফাউণ্ডেচনৰ সঞ্চালক ড০কিশোৰ হাজৰিকা আৰু তেখেতৰ পত্নী স্নিগ্ধা গোস্বামী হাজৰিকাৰ নেতৃত্বত বিশ্বনাথৰ বিভিন্ন স্থানত বৃক্ষ ৰোপণৰ আঠদিনীয়া কাৰ্যসূচীও মুকলি কৰা হয় (Tree plantation programme) ।

উল্লেখ্য যে, বিশ্বনাথৰ মোনাবাৰীৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি হাতী-মানুহৰ মাজত চলি আহিছে সংঘাত (Elephant-man conflict) ৷ খাদ্যৰ অভাৱত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে জনাঞ্চলত উপদ্ৰৱ চলাই আহিছে । বনৰীয়া হাতীৰ এই উপদ্ৰৱৰ পৰা অঞ্চলসমূহৰ লোকসকলক উদ্ধাৰ কৰিবলৈ ফাউণ্ডেচনে ইতিমধ্য়ে ৰূপায়নো কৰিছে কাৰ্যসূচী । সেই অনুসৰি কেইবা কিলোমিটাৰ আৱৰি কলৰ পুলি ৰোপনেৰে হাতীৰ খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় লোকসকলক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কাৰ্বি পাহাৰত পদুমৰ হাঁহি : বিৰোধীৰ ভূমিস্খলন

Last Updated : Jun 13, 2022, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.