বিহালী, ১০ মাৰ্চ: নিশা হ'লেই বন্যহস্তীৰ আতংকই খেদি ফুৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজক (Elephant Menace in Bihali)। বিশ্বনাথ জিলাৰ ভিন্ন প্ৰান্তটো অব্য়াহত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীৰ সন্ত্ৰাসত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ জীৱন দুৰ্বিসহ হৈ পৰিছে । পুনৰ বুধবাৰে নিশা বন্যহস্তীয়ে বিহালীত তাণ্ডৱ চলাই ভাঙি লণ্ডভণ্ড কৰিলে কেইবাটাও বাসগৃহ ।
বুধবাৰে নিশা ১০ মান বজাত বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ নকে বস্তী আৰু নতুন লাইনত এটা প্ৰকাণ্ড বনৰীয়া হাতী প্ৰৱেশ কৰি তাণ্ডৱ চলাই । বন্যহস্তীটোৱে নকে বস্তীৰ মহেন্দ্ৰ চিকাৰ আৰু জয়ন্ত শৰ্মাৰ ঘৰৰ লগতে নতুন লাইনত তিনিজন লোকৰ ঘৰো ভাঙি লণ্ড ভণ্ড কৰে ।
ইফালে দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই অহাৰ পিছতো বিশ্বনাথৰ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ইফালে এই ভুক্তভোগী পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে মোনাবাৰী সচেতন যুৱক তথা আটছা জিলাৰ কাৰ্যকৰী সদস্য অমিত তাছাই ।
লগতে পঢ়ক: শিলঘাট আৰু জখলবন্ধাও হ’ব ৰাজহ মুক্ত : মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আদৰণি