ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান

নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ গ্ৰহণ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান । নিৰ্বাচনী কাম-কাজসমূহত তীক্ষ্ন নজৰ ৰাখিছে বিশ্বনাথ জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াই ।

নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

author img

By

Published : Mar 4, 2021, 7:30 PM IST

বিশ্বনাথ ৪ মাৰ্চ: সমাগত বিধান সভা নিৰ্বাচন । নিৰ্বাচনক লৈ তৎপৰ হৈছে জিলা প্ৰশাসন নিৰ্বাচনী বিষয়া আৰক্ষী । ইফালে নিৰ্বাচনৰ যিকোনো সংক্ৰান্তীয় কাম-কাজ নিৰীক্ষণ কৰিবৰ বাবে বিশ্বনাথত জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰে । যান-বাহনসমূহ পৰীক্ষা কৰাৰ লগতে নিৰ্বাচনমূলক যিকোনো সমস্যাৰ সমাধান কৰিবলৈ নিৰ্দিষ্ট অঞ্চলত একো একোটা গোট গঠন কৰি একোজনকৈ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে জিলা প্ৰশাসনে ।

নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
নিৰ্বাচনৰ পূৰ্বে বিশ্বনাথ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

বৃহস্পতিবাৰে বিহালী সমষ্টি, চতিয়া, বিধান সভা সমষ্টি, বিশ্বনাথ বিধান সভা সমষ্টিত নিৰ্বচনী বিষয়াই আৰক্ষীৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনসমূহ ৰখাই তালাচী চলায় ।উল্লেখযোগ্য যে, নিৰ্বাচন বুলিলেই টকাৰ উজান উঠে । বিশেষকৈ নিৰ্বাচনত টকাৰ লেনদেন হোৱাটো এটা দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈ আহিছে । সেই অনুসৰিয়ে বিশ্বনাথৰ নিৰ্বাচনী বিষয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । বিশেষকৈ কোনো প্ৰাৰ্থীয়ে যাতে বিধানসভা নিৰ্বাচনত টকাৰ ৰাজনীতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনী কাম-কাজসমূহত তীক্ষ্ণ নজৰ ৰাখিছে বিশ্বনাথ জিলা প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াই । আনহাতে এই পৰীক্ষা চলোৱা সময়ত একাংশ যাত্ৰীক দীৰ্ঘ সময় ধৰি ৰাখি থোৱাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.