ETV Bharat / state

অনুষ্ঠিত নহ’ল জামুগুৰিহাটৰ ২৬৫ বছৰীয়া বোকাখেচা ভাওনা

author img

By

Published : Sep 10, 2020, 10:46 AM IST

এইবাৰ শ্ৰীকৃষ্ণ জন্মোৎসৱ আৰু বোকাখেচা ভাওনা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পাতলৰচুক গাঁৱৰ ৰাইজে । কৰ'ণা মহামাৰীৰ বাবেই ২৬৫ বছৰত ভৰি দিয়া জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা বাতিল কৰা হয় ।

corona pandemic
corona pandemic

চতিয়া,১০ ছেপ্টেম্বৰ : কৰ'ণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি বাতিল কৰা হয় ২৬৫ সংখ্যক বছৰত ভৰি দিয়া জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখেচা ভাওনা । শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ দিনা প্ৰতিবছৰে যুগ যুগ ধৰি পৰম্পৰাগতভাৱে অঞ্চলটোৰ পাতলৰচুক গাঁৱৰ ৰাইজে অতি জাক-জমকতাৰে উদযাপন কৰি আহিছে বোকাখেচা ভাওনা ৷ বুধবাৰে এই শ্ৰীকৃষ্ণ জন্মোৎসৱ আৰু বোকাখেচা ভাওনা কৰ'ণা মহামাৰীৰ বাবেই অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পাতলৰচুক গাঁৱৰ ৰাইজে । পাতলৰচুক গাঁও উন্নয়ণ কমিটিৰ সিদ্ধান্ত মৰ্মেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পাতলৰচুক খেলে অভিনয়বিহীন ভাৱে নিশা নিৰ্দিষ্ট সংখ্যক ভকতেৰে শ্ৰীকৃষ্ণ জন্মোৎসৱৰ নাটভাগ গাই অনুষ্ঠানৰ সামৰণি পেলায় ৷

অনুষ্ঠিত নহ’ল জামুগুৰিহাটৰ ২৬৫ বছৰীয়া বোকাখেচা ভাওনা

মনকৰিবলগীয়া যে জামুগুৰিহাটৰ পাতলৰচুক গাঁৱৰ ৰাইজে ২৬৫ বছৰ ধৰি অনুষ্ঠিত কৰি অহা শ্ৰীকৃষ্ণ জন্মোৎসৱ আৰু বোকাখেচা ভাওনা চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ৰাইজৰ সমাগম হয় ৷ ইয়াৰ লগতে দিনৰ ভাগত পাতলৰচুক গাঁৱৰ নামঘৰ প্ৰাংগণত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে শৰাই শলিতা, নৈবেদ্য আগবঢ়াই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে ।

শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ দিনা প্ৰতিবছৰেই দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা পাতলৰচুক গাঁৱত এইবাৰ ভাওনা অনুষ্ঠিত কৰিব নোৱাৰি আবেগিক হৈ পৰিল পাতলৰচুক গাঁওবাসী । পাতলৰচুক গাঁও উন্নয়ন সমিতিৰ সিদ্ধান্ত অনুযায়ী পাতলৰচুক গাঁৱৰ নামঘৰত খুৱ কম সংখ্যক ভক্তপ্ৰাণ ৰাইজেহে বন্তি প্ৰজ্বলন কৰে ৷

লগতে পঢ়ক : সভাপতিৰ আসন বিচাৰি উচ্চ ন্যায়ালয়লৈ যাব অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.