ETV Bharat / state

বিশ্বনাথত সুধাকন্ঠক সশ্ৰদ্ধ স্মৰণ আছু, উদীপ্ত চ’ৰাৰ

author img

By

Published : Nov 6, 2020, 7:06 AM IST

Updated : Jan 18, 2023, 3:09 PM IST

মহামাৰী কৰ'ণাৰ গণসংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে এই বৰ্ষত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় অনুষ্ঠান ৷ সমন্বয়ৰ দিনৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" বিভিন্ন ভাষাত পৰিৱেশন কৰা হয় ।

কালজয়ী গীত মানুহে মানুহৰ বাবে
বিশ্বনাথত সুধাকন্ঠক সশ্ৰদ্ধ স্মৰণ আছু, উদীপ্ত চ’ৰাৰ

বিশ্বনাথ, 5 নৱেম্বৰ: বিগত বৰ্ষ সমুহৰ দৰে এই বছৰো দিন জোৰা কাৰ্যসূচীৰে বিশ্বনাথৰ পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হয় ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নৱম সংখ্যক মৃত্যু বাৰ্ষিকী । মহামাৰী কৰ'ণাৰ গণসংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাজেৰে এই বৰ্ষত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় অনুষ্ঠান ভাগ । সমন্বয়ৰ দিনৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকাৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" বিভিন্ন ভাষাত পৰিৱেশন কৰা হয় । উল্লেখ্য যে, প্ৰতিবছৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষীৰ মাজত সমন্বয়ৰ এনাজৰী গঢ়াৰ প্ৰয়াসেৰে বড়ো, কাৰ্বি, চাহ জনজাতি,আদিবাসী, ওড়িয়া, নেপালী, মুণ্ডা, গাৰো, চাওতালী, প্ৰজা, ভোজপুৰী, আৰু বাংলা ভাষাত "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰি আহিছে । সমন্বয়ৰ দিন উদযাপন কৰি সকলোকে একতাৰ এনাজৰীৰে এনেদৰে বান্ধি ৰাখিব খোজা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বলিষ্ঠ পদক্ষেপক বৌদ্ধিক মহলে একে মুখে সলাগিছে ৷

ইফালে বিশ্বনাথৰ বিহালীটো ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী ৷ বিহালী বেদেতীৰ অন্যতম উদ্যমী সংগঠন উদীপ্ত চ’ৰাই ব্যতিক্ৰমী ৰূপত উদযাপন কৰে এই পৱিত্ৰ তিথি ৷ সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে "মানুহৰ বাবে” গীততিৰে অনুপ্ৰাণিত উদীপ্ত চ’ৰাৰ বিষয় ববীয়া আৰু কৰ্মকৰ্তা সকলে দৰিদ্ৰ লোকসকলৰ মাজত বস্ত্ৰ দান কৰি শিল্পী জনাক স্মৰণ কৰে ৷ শিল্পী জনাৰ এই গীতটোৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোৱে যাতে সমিলমিলেৰে ইজনে সিজনৰ বাবে জীয়াই থাকি জীৱন যাপনৰ এক নতুন ধাৰা সমাজখনলৈ আনিব পাৰে তাৰেই আশা উদ্যোক্তা সকলৰ ৷

লগতে পঢ়কঃ মৃত্যু বাৰ্ষিকীত ৰাজ্য়জুৰি সুধাকণ্ঠক স্মৰণ

Last Updated : Jan 18, 2023, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.