ETV Bharat / state

সমাধিস্থ কৰাৰ 7 দিনৰ পাচত পুনৰুদ্ধাৰ নৱজাতকৰ গলিত মৃতদেহ

author img

By

Published : Oct 12, 2020, 9:18 PM IST

সোমবাৰে বিশ্বনাথত আৰক্ষীয়ে খান্দি উলিয়ায় এটি নৱজাতকৰ গলিত মৃতদেহ ৷ 5 অক্টোবৰত সমাধিস্থ কৰা হৈছিল মৃত নৱজাতকটি ৷ ঘটনাক লৈ সমগ্ৰ বিশ্বনাথত ব্যাপক প্ৰতিক্ৰিয়া ৷

Death child recovered after 7 days in Biswanath
সমাধিস্থ কৰাৰ 7 দিনৰ পাচত পুনৰুদ্ধাৰ নৱজাতকৰ গলিত মৃতদেহ

বিশ্বনাথ,12 অক্টোবৰ: বিশ্বনাথত সমাধিস্থ কৰাৰ 7 দিনৰ পাচত সোমবাৰে আৰক্ষীয়ে খান্দি উলিয়ায় এটি নৱজাতকৰ গলিত মৃতদেহ । বিশ্বনাথ আৰক্ষীৰ এটা দলে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত গাঁতৰ পৰা খান্দি উলিয়াই নৱজাতকটিৰ মৃতদেহ।

বিশ্বনাথৰ ফলফলি শ্মশানত 5 অক্টোবৰত সমাধিস্থ কৰা হৈছিল এটি নৱজাতকৰ মৃতদেহ । উল্লেখ্য যে,3 অক্টোবৰত বিশ্বনাথৰ পেটুলিবাৰী গাঁৱৰ ভোলা যাদৱৰ পত্নী দিৱজ্যোতি যাদৱক সন্তান প্ৰসৱ কৰাৰ বাবে ভৰ্তি কৰাইছিল বিশ্বনাথৰ কে পি মেম’ৰিয়েল নামৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ।

4 অক্টোবৰৰ সন্ধিয়া প্ৰসূতি গৰাকীক কে পি মেম’ৰিয়েলৰ স্বত্বাধিকাৰ তথা চিকিৎসক ডাঃ অমল শইকীয়াই অস্ত্ৰোপচাৰ কৰাত এটা ল’ৰা সন্তান জন্ম দিয়া বুলি দুই অভিভাৱকক চিকিৎসালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ কিন্তু প্ৰায় 40 মিনিটৰ পাচত পুনৰ চিকিৎসক ডাঃ অমল শইকীয়াই নৱজাতক শিশুটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷

ইয়াৰ পাচতে আৰম্ভ হয় মৃত শিশুটিৰ পৰিয়াল আৰু আৰু চিকিৎসকৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰ যুদ্ধ। মৃত নৱজাতকৰ পৰিয়ালৰ স্পষ্ট অভিযোগ অনুসৰি, চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ বাবে নৱজাতকটিয়ে মৃত্যুক সাবটিবলগীয়া হয় । জন্মৰ পাচতে দেহত গৰম পানী পৰাৰ বাবে নৱজাতকটিৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী পৰিয়ালে ৷

এই ঘটনাক লৈ সমগ্ৰ বিশ্বনাথত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ৷ আনহাতে ইয়াৰ পূৰ্বেও চিকিৎসালয়খনৰ বিৰুদ্ধে এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে যদিও জিলা প্ৰশাসন কিম্বা স্বাস্থ্য বিভাগে চিকিৎসালয়খনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণ নকৰিলে চৰম সিদ্ধান্ত গ্ৰহণৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.