ETV Bharat / state

বিশ্বনাথত মন্ত্ৰী, বিধায়ক, সাংসদৰ উপস্থিতিত COVID-19 সন্দৰ্ভত পৰ্যালোচনা সভা

author img

By

Published : May 28, 2020, 9:36 PM IST

বিশ্বনাথত মন্ত্ৰী, বিধায়ক, সাংসদৰ উপস্থিতিত COVID-19 সন্দৰ্ভত পৰ্যালোচনা সভা । অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ অধ্যক্ষতা অনুষ্ঠিত হোৱা সভাত স্ব-গৃহমুখী হোৱা লোক সকলৰ কোৱাৰেন্টাইন, স্বাস্থ্য পৰীক্ষা, চিকিৎসা আদি সকলো দিশ সামৰি বিস্তৃত আলোচনা কৰা হয়। বিশ্বনাথত বৰ্তমান পৰ্যন্ত ৪৫৮ জন কোৱাৰেণ্টাইন হৈ থকাৰ বিপৰীতে ২৭৮ জনক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰা অব্যাহতি দিয়া বুলি সদৰী কৰে ।

লক ডাউন
বিশ্বনাথত মন্ত্ৰী, বিধায়ক, সাংসদৰ উপস্থিতিত COVID-19 সন্দৰ্ভত পৰ্যালোচনা সভা

বিশ্বনাথ ২৮ মে': লক ডাউনৰ বাবে বহিঃৰাজ্যত আৱদ্ধ হৈ থাকি শেহতীয়াকৈ স্ব-গৃহমুখী হোৱা বিশ্বনাথ জিলাৰ চাহ বাগিচা অঞ্চলৰ লোক সকলক আনুষ্ঠানিক কোৱাৰেন্টাইন কৰিবৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ বাবে COVID-19 ৰ গাইড লাইন অনুসৰি জিলাখনৰ চাহ বাগিচা পৰ্যায়ৰ কোৱাৰেন্টাইন কমিটী গঠন কৰি যাৱতীয় প্ৰস্তুতি লোৱাও হৈছে ।

বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত, সাংসদ পল্লৱ লোচন দাস, জিলাখনৰ বিধায়ক ক্ৰমে পদ্ম হাজৰিকা, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা, উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ উপস্থিতিত অনুষ্ঠিত COVID-19পৰ্যালোচনা সভাত এই সম্পৰ্কে স্ব-গৃহমুখী হোৱা লোক সকলৰ কোৱাৰেন্টাইন, স্বাস্থ্য পৰীক্ষা, চিকিৎসা আদি সকলো দিশ সামৰি বিস্তৃত আলোচনা কৰা হয়। জিলাখনৰ চাহ বাগিচা সমূহৰ পৰিচালকসকল, আঞ্চলিক পঞ্চায়ত সভাপতি, সদস্য, গাঁও পঞ্চায়তৰ সভাপতি প্ৰমুখ্য প্ৰতিনিধিসকল, অসম চাহ মজদুৰ সংঘ, আটছা, আছা আদি জাতীয় সংগঠনৰ প্ৰতিনিধি, অতিৰিক্ত উপায়ুক্ত, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, কাৰ্যবাহী দণ্ডাধীশ, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ লগতে জিলাখনৰ COVID-19 জৰুৰী সেৱাৰ লগত জড়িত বিভিন্ন বিভাগৰ বিষয়া সমূহৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা সভাত স্ব-গৃহমুখী হোৱা লোক সকলক কোৱাৰেন্টাইন কৰা, স্বাস্হ্য পৰীক্ষা, চিকিৎসা, খাদ্য, কৰ্ম সংস্থান আদি সকলো দিশ সামৰি বিষদ আলোচনা কৰা হয় । এই সম্পৰ্কে চৰকাৰী নিৰ্দেশনা সমূহ ৰূপায়ন কৰা আৰু স্ব-গৃহমুখী লোক সকলৰ যাৱতীয় ব্যৱহা গ্ৰহণৰ বেলিকা সকলোৰে সহায় সহযোগিতাও উপায়ুক্ত গৰাকীয়ে কামনা কৰে।

উল্লেখ্য যে, ইতিমধ্যে জিলাখনলৈ সাত শতাধিক বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকৰ প্ৰত্যাবৰ্তন ঘটিছে। চৰকাৰী নিৰ্দেশনা অনুসৰি বিশ্বনাথ জিলা প্ৰশাসনেও স্ব-গৃহমুখী এনে লোকৰ স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে। জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ডেৰ কুৰিৰো অধিক কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হৈছে আৰু বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা লোক সকলক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে । জিলাখনৰ চাহ বাগিচা অঞ্চল সমূহৰো ভালেমান যুৱক-যুৱতীও বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হৈছে । এই সকলৰো যাৱতীয় স্বাস্থ্য পৰীক্ষা, কোৱাৰেন্টাইন আদি ব্যৱস্থা সমূহ নিয়াৰিকৈ সম্পন্ন কৰাৰ দিশটোও সভাত আলোচনা কৰা হয়।

বৰ্তমান পৰ্যন্ত জিলাখনলৈ সাত শতাধিক লোকৰ প্ৰত্যাগমন ঘটিছে । ইতিমধ্যে ১৫টা কোৱাৰেন্টাইন চেন্টাৰ সক্ৰিয় হৈ উঠিছে আৰু এই চেন্টাৰসমূহত ৪৫৮ জন ব্যক্তি কোৱাৰেন্টাইন হৈ আছে। চৰকাৰী নিৰ্দেশনা অনুসৰি বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা জিলাখনৰ প্ৰতি গৰাকী লোককে ৭ দিনকৈ বাধ্যতামূলক প্ৰতিষ্ঠানিক কোৱাৰেন্টাইন (ইনষ্টিটিউচনেল কোৱাৰেন্টাইন) কৰাৰ অন্তত জিলাৰ ডিচাৰ্জ বোৰ্ডে কোৱাৰেন্টাইন চেন্টাৰৰ পৰা অব্যাহতি দিয়ে । ২৭৮ জন ব্যক্তিক ইতিমধ্যে চেন্টাৰৰ পৰা অব্যাহতি দিয়ে । অবশ্যে এই লোকসকলক চৰকাৰী নিৰ্দেশনা অনুসৰি নিজ নিজ এলেকাৰ গাঁও পৰ্য্যায়ৰ কোৱাৰেন্টাইন সমিতিৰ নীৰিক্ষণত অন্য ৭ দিনৰ বাবে বাধ্যতামূলক গাওঁ অথবা হোম কোৱাৰেন্টাইন কৰাৰো ব্যৱস্থা কৰা হৈছে । বহিঃৰাজ্যৰ পৰা স্ব-গৃহমুখী হোৱা লোক সকলৰ নীৰিক্ষণৰ বাবে চৰকাৰী নিৰ্দেশনা অনুসৰি জিলাখনৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধান সভা সমষ্টিত ইতিমধ্যে সমষ্টি ভিত্তিত কোৱাৰেন্টাইন কমিটি আৰু গাঁও পৰ্যায়ৰ কোৱাৰেন্টাইন কমিটিও গঠন কৰা হৈছে । সেইদৰে জিলা খনৰ চাহ বাগিচা সমূহত এনে কোৱাৰেন্টাইন কমিটি গঠন কৰি জিলা ফেৰৎ লোক সকলৰ ক্ষেত্ৰত লবলগীয়া কোৱাৰেন্টাইন, স্বাস্থ্য় আদি সকলো দিশ জিলাখনৰ মন্ত্ৰী,বিধায়ক সাংসদ, পঞ্চায়ত প্ৰতিনিধি সকলৰ উপস্থিতিত আজিৰ সভাত পৰ্যালোচনা কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.