ETV Bharat / state

কৰ’ণাই স্তব্ধ কৰিছে কমাৰসকলৰ জীৱন

author img

By

Published : May 28, 2021, 7:11 AM IST

কৰ’ণাৰ সৃষ্ট পৰিৱেশৰ বাবে ব্যৱসায় বন্ধ হোৱাত অসহায় হৈ পৰিছে গহপুৰৰ কমাৰসকল ৷ হাহাকাৰ কৰিছে এসাঁজ ভাতৰ বাবে ৷

কৰ’ণাই স্তব্ধ কৰিছে কমাৰসকলৰ জীৱন
potters-facing-problem-due-to-sop-in-gohpur

বিশ্বনাথ, 28 মে’: সম্প্ৰতি ৰাজ্যত কৰ’ণা সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি-নিৰ্দেশনা প্ৰদান কৰিছে ৷ এই নিৰ্দেশনা অনুসৰি বন্ধ হৈছে বজাৰ-হাট, দোকান, পোহাৰ সমূহ । এনে পৰিস্থিতি একাংশ লোকৰ এমুঠি অন্ন যোগাৰ কৰিবৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিছে । গহপুৰৰ ভিন্ন প্ৰান্তৰ কমাৰ বৃত্তিৰ লগত জড়িত লোহাৰৰ সঁজুলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া লোক সকলৰ উপাৰ্জন এতিয়া শূন্য ।

কৰ’ণাই স্তব্ধ কৰিছে কমাৰসকলৰ জীৱন

পূৰ্বতে দা, কুঠাৰ, কোৰ, ইত্যাদি নিজ শালত গঢ়ি বজাৰ সমূহত বিক্ৰী কৰিছিল আৰু উপাৰ্জনৰ টকাৰে পৰিয়াল পোহপাল দিছিল ৷ কিন্তু কৰ’ণাৰ বাবে কমাৰ সকলৰ ব্যৱসায় বন্ধ হৈ পৰিল । যাৰ বাবে তেওঁলোকে এতিয়া এসাঁজ খাই আন এসাঁজৰ বাবে চিন্তা কৰিব লগীয়া হৈছে । এফালে মূল্যবৃদ্ধি,আনফালে উপাৰ্জন শূন্য; এনে জটিল পৰিস্থিতিত এতিয়া অসহায় হৈ পৰিছে গহপুৰৰ কমাৰ সকল ।

লগতে পঢ়ক : মৰাণত ক'ভিড আক্ৰান্তৰ বাবে দিয়া সামগ্ৰী আত্মসাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.