ETV Bharat / state

বিশ্বনাথ মহাবিদ্যালয় সপ্তাহত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

মহাবিদ্যালয় সপ্তাহ উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ আৰু প্ৰৱক্তাসকলৰ সহযোগত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰে ৷ এই শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে সাম্প্ৰতিক সময়ত হোৱা বহু কেইটা সমস্যা প্ৰদৰ্শন কৰে ৷

author img

By

Published : Apr 6, 2021, 8:33 AM IST

cultural-rally-in-biswanath-college
বিশ্বনাথ মহাবিদ্যালয় সপ্তাহত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

বিশ্বনাথ, 6 এপ্ৰিল: সোমবাৰে ঐতিহ্যমণ্ডিত বিশ্বনাথ মহাবিদ্যালয়ৰ 57 তম মহাবিদ্যালয় সপ্তাহ উপলক্ষে এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰা হয় ৷ মহাবিদ্যালয় সপ্তাহ উপলক্ষে বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যক্ষ আৰু প্ৰবক্তা সকলৰ সহযোগত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰে ৷ শোভাযাত্ৰাটো মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা উলিয়াই বিশ্বনাথ কলেজ ৰ’ড হৈ বিশ্বনাথ নগৰৰ মাজমজিয়াৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পুনৰ মহাবিদ্যালয়ত সামৰণি মাৰে ৷

এই সাংস্কৃতিক শোভাযাত্ৰাত ছাত্ৰ-ছাত্ৰীসকলে সাম্প্ৰতিক সময়ৰ হোৱা বহুকেইটা সমস্যা প্ৰদৰ্শন কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ, গছ গছনি সংৰক্ষণ, প্লাষ্টিক বৰ্জন, চৌকাৰ ব্যৱহাৰ, এল পি জি ৰন্ধন গেছ ব্যৱহাৰ, ৰাসায়নিক সাৰৰ ব্যৱহাৰ বৰ্জন, জৈৱিক সাৰৰ ব্যৱহাৰ, বৃক্ষ ৰোপণ, অৱহেলা বৰ্জন, মহাবিদ্যালয় খনৰ অধ্যক্ষ কৰ্মৰত অৱস্থা, সুদক্ষ খেলুৱৈ, গাখীৰ ব্যৱসায়, হুঁচৰি দল, নিৰ্ভয়া কাণ্ড, জয়মতী চৰিত্ৰ, সীতা হৰণ, মণিপুৰী সাজ পোছাক, তাঁত শাল, বাঁহেৰে নিৰ্মিত সামগ্ৰী, অকলেই অৰণ্য সৃষ্টি কৰা ব্যক্তিজনকে ধৰি বিভিন্ন বিষয় উপস্থাপন কৰে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত আছুৰ উদ্যোগত চলিছে বিহু নাচৰ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.