ETV Bharat / state

Installation of solar lights in Balipukhuri: চি আৰ পি এফৰ উদ্যোগত বালিপুখুৰীত সৌৰ লাইট স্থাপন

author img

By

Published : Mar 16, 2023, 9:26 AM IST

বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত চি আৰ পি এফৰ উদ্যোগত সৌৰ লাইট স্থাপন ৷ চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত বালিপুখুৰী খেলপথাৰত ৩ টাকৈ সৌৰ শক্তি চালিত লাইট স্থাপন (Installation of solar lights in Balipukhuri) ৷

Installation of solar lights
বালিপুখুৰীত চি আৰ পি এফৰ উদ্যোগত সৌৰ লাইট স্থাপন

বিশ্বনাথ, 16 মাৰ্চ: বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত চি আৰ পি এফৰ উদ্যোগত সৌৰ লাইট স্থাপন ৷ যোৱা 15 মাৰ্চ, বুধবাৰে বিশ্বনাথৰ বালিপুখুৰী খেলপথাৰত বালিপুখুৰীত অৱস্থিত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । “উৎকৃষ্টতা সংকল্প” শীৰ্ষক আচঁনিৰ অধীনত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত বালিপুখুৰীত স্থানীয় যুৱক-যুৱতী সকলৰ সুবিধা হোৱাকৈ বালিপুখুৰী খেলপথাৰত ৩ টাকৈ সৌৰ শক্তি চালিত লাইট স্থাপন কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে (Installation of solar lights in Balipukhuri)।

এই সৌৰ শক্তি চালিত লাইট তিনিটা শুভ উদ্বোধন কৰে CRPF ৰ কমাণ্ডেণ্ট অৰুণ কুমাৰ মীনাৰ লগতে বিশ্বনাথৰ জিলা আৰক্ষী আধীক্ষক নবীন সিঙে । স্থানীয় যুৱক-যুৱতী সকলৰ সুবিধা হোৱাকৈ, সন্ধিয়াৰ সময়তো খেলা-ধূলা তথা শাৰিৰীক অনুশীলনৰ সুবিধাৰ বাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উল্লেখ কৰে চি আৰ পি এফৰ কামাণ্ডেণ্ট গৰাকীয়ে (CRPF initiative)। লগতে ভৱিষ্যতৰ দিনত বালিপুখুৰীৰ বিভিন্ন খেলপথাৰৰ লগতে আশে-পাশে থকা সকলো স্থানীয় গাঁৱৰ খেলপথাৰ সমূহতো সৌৰ শক্তি চালিত লাইটৰ স্থাপনৰ চিন্তা চৰ্চাৰ কৰা হৈছে বুলি উল্লেখ কৰে (Installation of solar lights in Biswanath)।

Installation of solar lights in Balipukhuri
বালিপুখুৰীত সৌৰ লাইট স্থাপন

কাৰ্যসূচীত চি আৰ পি এফৰ উচ্চপদস্থ বিষয়া ৰাহুল কান্ত চাহু, কামাণ্ডেন্ট কমল সিং নেগী, বিশ্বনাথৰ আৰক্ষী আধীক্ষক নবীন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, কামাণ্ডেন্ট সিং জোধা, কামাণ্ডেন্ট আনন্দ কুমাৰ, অজয় যাদৱ উপস্থিত থাকে ৷ লগতে বিশ্বনাথ চাৰিআলি ষ্টেট বেংকৰ মুখ্য পৰিচালক, বাপুজী হাইস্কুলৰ প্ৰধান শিক্ষক, বালিপুখুৰীৰ গাঁও প্ৰধান, জৰাবাৰী গাঁও প্ৰধানৰ লগতে বালিপুখুৰীৰ স্থানীয় গাঁওসমূহৰ বহু গণ্যমান্য ব্যক্তি তথা ৰাইজ উপস্থিত আছিল ।

উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি বালিপুখৰী ক্ৰীড়া ষ্টেডিয়ামত যুৱক-যুৱতী সকলে সৌৰ লাইটৰ দাবী কৰি আহিছিল, ফলস্বৰূপে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ উদ্যোগত তিনিটাকৈ সৌৰ শক্তি চালিত লাইট স্থাপন কৰা হয়। ইয়াৰ বাবে বালিপুখুৰীৰ স্থানীয় ৰাইজ তথা যুৱক-যুৱতী সকলে চি আৰ পি এফৰ ৩০ নং বেটেলিয়নক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক : Royal Bengal tiger menace: বাঘৰ আতংকৰ বাবে শিলঘাটত 144 ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.