বিশ্বনাথ, ১১ ফেব্ৰুৱাৰী: বিহালীৰ বতিয়ামাৰীৰ ৰৌমাৰী ৰাসথলীত বৃহস্পতিবাৰে চিপিআই(এমএল)ৰ বতিয়ামাৰী শাখা সমিতিৰ সহযোগত বিশ্বনাথ জিলা সমিতিয়ে অনিল কুমাৰ বৰুৱাৰ ২৪ সংখ্যক শ্বহীদ দিৱস পালন কৰে । প্ৰতি বছৰে অনিল কুমাৰ বৰুৱাৰ মৃত্যুৰ দিনটো চিপিআই(এমএল) দলে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । ১৯৯৮ চনৰ আজিৰ দিনটোতে চিপিআই (এমএল)ৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক, কেন্দ্ৰীয় সমিতিৰ সদস্য কমৰেড অনিল কুমাৰ বৰুৱাক আলফাই ডিব্ৰুগড় জিলাৰ নাহৰণিত গুলিয়াই হত্যা কৰিছিল ।

তিনিচুকীয়া মহাবিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী অধ্যাপক অনিল কুমাৰ বৰুৱাই মহাবিদ্যালয়ৰ শিক্ষক আন্দোলনৰ পৰা অসম আন্দোলনলৈকে, সাম্প্ৰদায়িক গোষ্ঠীবাদী, উগ্ৰ জাতীয়তাবাদী ৰাজনীতি, অপ-সংস্কৃতিৰ বিৰুদ্ধে জন সাস্কৃতিক আন্দোলন গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিছিল । অসমৰ ঐক্য-সম্প্ৰীতিৰ হকে সদায় সমুখৰ যুঁজ দি আহিছিল বিপ্লৱী নেতাগৰাকীয়ে । চাহ শ্ৰমিকসকলক বিপ্লৱী বাওঁপন্থী মতাদৰ্শৰে সংগঠিত কৰাৰ ক্ষেত্ৰতো অনিল কুমাৰ বৰুৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।
শ্বহীদ দিৱসৰ শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জয় শৰ্মা আৰু নাৰায়ণ দাসে । স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক ডিম্বেশ্বৰ শইকীয়াৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় । সভাত অংশ লৈ চিপিআই(এম এল)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বিবেক দাসে কয় যে, "অসম প্ৰেমী, গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ নেতা অনিল কুমাৰ বৰুৱাক হত্যা কৰি 'স্বাধীন অসম'ৰ সপোন দেখুওৱাসকলক আজি ৰাষ্ট্ৰৰ ওচৰত নি:চৰ্ত আত্মসৰ্মপণকাৰী হিচাপে অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে" ।
আনহাতে, দেশৰ শাসকে জনগণৰ সাংবিধানিক অধিকাৰৰ ওপৰত আক্ৰমণেই নহয়, সমগ্ৰ ৰাষ্ট্ৰকে ফেচিবাদী ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিবলৈ চলোৱা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আক্ৰমণৰ বিৰুদ্ধে দেশৰ কৃষক শ্ৰমিক লাখে লাখে ৰাজপথ নামিছে বুলি কৈ চৰকাৰক সমালোচনা কৰে বিবেক দাসে । অনিল কুমাৰ বৰুৱাৰ আদৰ্শৰ মৃত্যু নাই বুলিও মন্তব্য কৰে কেন্দ্ৰীয় সমিতিৰ নেতাজনে । শ্বহীদ দিৱসৰ অনুষ্ঠানত লীলা শৰ্মা, বাহাদুৰ কায়স্থ, গোপাল উপাধ্যায়, মীন আচাৰ্য আৰু জয় শৰ্মাৰ লগতে দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ।