ETV Bharat / state

চৰকাৰে চাহ শ্ৰমিকক প্ৰতাৰণা কৰাৰ অভিযোগ

author img

By

Published : Mar 10, 2021, 10:34 PM IST

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ নামত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ চিপিআই(এম-এল) নেতা বিবেক দাসৰ ৷ বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ এক উচিত প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনতে দিয়াৰ বাবে চাহ শ্ৰমিকক আহ্বান দাসৰ ৷

সোণোৱাল চৰকাৰে চাহ শ্ৰমিকক প্ৰতাৰণা কৰাৰ অভিযোগ বিবেক দাসৰ

বিশ্বনাথ,10 মাৰ্চ: সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলক ঢাল হিচাপে লৈ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ চেষ্টা কৰি শেষত আইনী মেৰপেচত সোমাই পৰা ঘটনাত চাহ শ্ৰমিক অধ্যুষিত বিহালী বিধানসভা সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ কেবিনেটে চাহ শ্ৰমিকৰ মজুৰি 50 টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত স্থগিত ৰাখে ৷

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক তথা 77 নং বিহালী বিধানসভা সমষ্টিৰ মহাজোঁট বন্ধনৰ প্ৰক্ষেপিত চিপিআই(এম-এল) দলৰ প্ৰাৰ্থী বিবেক দাসে কয় যে, সৰ্বানন্দ সোণোৱাল চৰকাৰে অৱশেষত চাহ শ্ৰমিক ৰাইজক ৰামঠগন দিলে ৷ বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক আৰম্ভণিৰ পৰাই বাৰে বাৰে ঠগি আহিছে বুলি অভিযোগ কৰি দাসে কয়, চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে যি মজুৰি উপদেষ্টা ব'ৰ্ড গঠন কৰিছে সেইখনেই হৈছে আইন সন্মত সংস্থা । উপদেষ্টা ব’ৰ্ডত অসম চৰকাৰৰ 5 জন, ট্ৰেড ইউনিয়নৰ 5 জন আৰু মালিক পক্ষৰ 5 জন মুঠ 15 জন সদস্য আছে ।

চৰকাৰৰ প্ৰতাৰণাৰ এক উচিত প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনতে দিয়াৰ বাবে চাহ শ্ৰমিকক আহ্বান দাসৰ

তেওঁ কয় যে, "লেবাৰ কমিচনাৰ উপদেষ্টা ব’ৰ্ডৰ এজন মেম্বাৰ । লেবাৰ কমিচনাৰে 2018 চনত চাহ শ্ৰমিকৰ মজুৰি 351 টকা হ'ব লাগে বুলি প্ৰস্তাৱ ৰাখিছিল । যদি চৰকাৰ সঁচাকে দায়িত্বশীল হয়, তেন্তে তাত চৰকাৰৰ 5 জন সদস্য আৰু ট্ৰেড ইউনিয়নৰ 5 জন সদস্যই নিশ্চয় সন্মতি জনালে হয় ৷ তাত অসম চাহ মজদুৰ সংঘৰ 3 জন সদস্য আছে । অসম চাহ মজদুৰ সংঘই বিভিন্ন সময়ত 351 টকা মজুৰি হ'ব লাগে বুলি দাবী জনাই আহিছে । গতিকে অতি সহজে আইন খন উপদেষ্টা ব’ৰ্ডত আইন সন্মত ভাৱে গৃহিত হৈ গ'ল হয়" ৷

লেবাৰ কমিচনাৰৰ কেইটামান প্ৰস্তাৱ মালিক পক্ষই পল্লৱলোচন দাসক দিয়া অভিযোগৰ ভিত্তিত পল্লৱলোচন দাসে আলোচনা হ'ব নিদিলে বুলি অভিযোগ কৰি চাহ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাবী এটা পল্লৱলোচন দাসে চৰুক সুধি চাউল বহোৱাৰ দৰে অগ্ৰাহ্য কৰিলে বুলি দাসে অভিযোগ কৰে ৷ এতিয়া চাহ শ্ৰমিকৰ ভোট লাভ কৰিবলৈ কেবিনেট বহি বিজেপি চৰকাৰে সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰি তেওঁ অভিযোগ কৰে যে, সৰ্বানন্দ সোণোৱালে 2016 চনৰ নিৰ্বাচনতে চাহ শ্ৰমিকক 351 টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । আনকি নৰেন্দ্ৰ মোডীয়েও প্ৰথমবাৰ শাসনলৈ অহাৰ পূৰ্বে চাহ শ্ৰমিক সকলক প্ৰতিশ্ৰুতি দিছিল । জটিল প্ৰক্ৰিয়াৰে ষড়যন্ত্ৰ মূলকভাৱে বিজেপি চৰকাৰে কেবিনেট বহি 50 টকা মজুৰি বৃদ্ধি কৰি আইনী মেৰপেচত সুমুৱাইছে বুলি অভিযোগ কৰি দাসে সমগ্ৰ প্ৰক্ৰিয়াক বিজেপি চৰকাৰৰ কৌশল বুলি অভিযোগ উত্থাপন কৰে ৷ এফালে মজুৰি বৃদ্ধি কৰা দেখুৱাই বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছে আনফালে বন্ধও কৰাইছে । গতিকে চাহ শ্ৰমিকসকলে বিজেপি চৰকাৰৰ এই প্ৰতাৰণাৰ এক উচিত প্ৰত্যুত্তৰ আগন্তুক নিৰ্বাচনতে দিব লাগিব বুলি দাসে মন্তব্য কৰে ৷

লগতে পঢ়ক: বিহালীত কংগ্ৰেছৰ খহনীয়া: শতাধিক কৰ্মীয়ে যোগ দিলে বিজেপিত

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.